শব্দৰ বাগিচাত এমুঠি কবিতা
-লক্ষ্মণ কুমাৰ
১.
হেৰুৱা শিপাৰ গোন্ধ জানো বিচাৰি পায়
বুকুত তুমি আৰু আকাশত জোন হেৰায়!
২.
যাওঁ বুলি কৈও সোঁৱৰণিৰ বাগিছাত
তুমি জিলিকি থাকিলা!
৩.
নহ'লো মই নদী
সুতি হেৰালেও বৈ যায় যি!
৪.
ৰাতি ৰাতি এতিয়া নবজাবা বীণ
সমাধিৰ ভিতৰত এই জীৱন আশাহীন,প্ৰাণহীন...!
৫.
যি হাতেৰে এদিন জ্বলাইছিলো চাকি
সেই হাততেই আজি আন্ধাৰ এমুঠি!
৬.
কজলা মেঘে বৰণ সলালে
এক লহমাৰ বাবে হেৰাই গ'লো মই জোনাক জোনাক ভাৱনাত!
৭.
যদি কোৱা মানি ল'ম পথাৰ মানে কেৱল মাটি
সাগৰ মানে কেৱল পানী!
৮.
কুঁৱলীবোৰ আহি গুচি গ'ল
বুকুত এতিয়া কুঁৱলীৰ চেঁচা অনুভূতি
৯.
দুখবোৰ বুজি নোপোৱালৈকে
সুখেৰেইতো ভৰি থাকে জীৱন
১০.
দুখৰ শলিতাডাল নজ্বলালৈকে
কোনে জ্বলাব পাৰে সুখৰ চাকি!!
---------------------------------------------
-লক্ষ্মণ কুমাৰ
১.
হেৰুৱা শিপাৰ গোন্ধ জানো বিচাৰি পায়
বুকুত তুমি আৰু আকাশত জোন হেৰায়!
২.
যাওঁ বুলি কৈও সোঁৱৰণিৰ বাগিছাত
তুমি জিলিকি থাকিলা!
৩.
নহ'লো মই নদী
সুতি হেৰালেও বৈ যায় যি!
৪.
ৰাতি ৰাতি এতিয়া নবজাবা বীণ
সমাধিৰ ভিতৰত এই জীৱন আশাহীন,প্ৰাণহীন...!
৫.
যি হাতেৰে এদিন জ্বলাইছিলো চাকি
সেই হাততেই আজি আন্ধাৰ এমুঠি!
৬.
কজলা মেঘে বৰণ সলালে
এক লহমাৰ বাবে হেৰাই গ'লো মই জোনাক জোনাক ভাৱনাত!
৭.
যদি কোৱা মানি ল'ম পথাৰ মানে কেৱল মাটি
সাগৰ মানে কেৱল পানী!
৮.
কুঁৱলীবোৰ আহি গুচি গ'ল
বুকুত এতিয়া কুঁৱলীৰ চেঁচা অনুভূতি
৯.
দুখবোৰ বুজি নোপোৱালৈকে
সুখেৰেইতো ভৰি থাকে জীৱন
১০.
দুখৰ শলিতাডাল নজ্বলালৈকে
কোনে জ্বলাব পাৰে সুখৰ চাকি!!
---------------------------------------------
No comments:
Post a Comment