Friday, May 8, 2020

মোক কইনা এজনী লাগে



  বোৱাৰী পুৱাতে আইয়ে
  চোতাল সৰা পৰতে
  মনলৈ আহে
  মই দৰা হ'ম 
  আৰু
  মোক কইনা এজনী লাগে

 বুকুত শিল বান্ধি আৰু
 কিমান গাম
 অপূৰ্ণতাৰ গান
 মোক কইনা এজনী লাগে
 যুগলবন্দী গীতেৰে
 দুয়ো গাম
 সুমধুৰ প্ৰেমৰ গান

 বিষাদৰ জুইত
 জ্বলি জ্বলি
 হৃদয়খন আজি উঠিছে উজ্বলি
 এতিয়াও বাৰু কিয়
 নিজান মোৰ বুকুৰ পদুলি....!!

 মোক কইনা এজনী লাগে
 যাৰ দুহাতত
 আলফুলে তুলি দিম মই
 মোৰ বুকুৰ  মৰমবোৰ

 কিমান দূৰ্গম হব পাৰে জীৱনৰ বাট...!
 যদি বুকুত থাকে
 তেওঁৰ মৰমৰ হাত

 মোক কইনা এজনী লাগে
 যাৰ সেওঁতাত ৰং সানি
 হেপাঁহৰ ঘৰ সাজিম
 আৰু
 প্ৰেমৰ পুখুৰীত সপোনৰ মাছ মেলি
 সপোনবোৰ জীয়াই তুলিম
 মোক কইনা এজনী লাগে
 যি হ'ব মোৰ প্ৰেয়সী
 যি হ'ব মোৰ বন্ধু
 যি হ'ব মোৰ অভিভাবক
 যিয়ে মোক খং কৰিব
 যিয়ে অভিমান কৰিব
 অভিমানী হৈয়ো
 যি মোৰ সুখ দুখৰ সমভাগী হৈ ৰ'ব

 মোক কইনা এজনী লাগে
 যি মোৰ প্ৰেৰনা হ'ব
 আৰু মোৰ প্ৰতিটো নতুন সৃষ্টিৰ
 যি হ'ব উন্মোচক

 কাউৰী পুৱাতে আইয়ে
 আকাশলৈ চাই
 অপূৰ্ণতাৰ সাগৰত ডুব যোৱাৰ সময়ত
 মনলৈ আহে--
 মই দৰা হ'ম
 আৰু মোক কইনা এজনী লাগে..

  " বন্ধু আৰু বন্ধুত্ব"                           - লক্ষ্মণ কুমাৰ চিৰ সেউজ যি সম্পৰ্ক   তাৰেই নাম বন্ধুত্ব ।   যাৰ সান্নিধ্যই বোৱা...