Wednesday, August 29, 2018

কবিতা : জোনাক ভালপোৱা মানুহবোৰ

"জোনাক ভালপোৱা মানুহবোৰ"
 --লক্ষ্মণ কুমাৰ

               (১)
 জোনাক ভালপোৱা মানুহবোৰ
 এদিন গাঁওবোৰৰ পৰা হেৰাই থাকিল

 মহানগৰীৰ কোনো সুউচ্চ অট্টালিকাৰ
 বেলকনিত থিয় হৈ
 তেওঁলোকে জোনাক চাবলৈ ভালপোৱা হ'ল

 কোনোবাই আকৌ জোনাক বিচাৰি
 অৰণ্যানী বাটেদি
 ইটোৰ পিছত সিটো পাহাৰ বগাই
 গুচি গ'ল
 কোনোবা অজান মুলুকলৈ...

 এনেকৈয়ে জোনাক ভালপোৱা মানুহবোৰ
 এদিন গাঁওবোৰৰ পৰা হেৰাই থাকিল|

 এতিয়া ফুট গধূলিতে গাঁওবোৰ
 আন্ধাৰত ডুব যায়
 আৰু আন্ধাৰত বৰ সহজতে ঘৰবোৰ জ্বলি উঠে

 জ্বলি উঠা ঘৰবোৰ
 জোনটোৰ দৰেই ৰঙা হৈ জিলিকে...!

 গাঁওবোৰত এতিয়া এনেকৈয়ে জোনাক নামে ।

 সেউজ ঘাঁহনিত বহি
 নিৰলে উচুপি উঠে জোন

 নিজান নিজম হৈ পৰি ৰয়
 চোতাল

               (২)
 মই জোনাকৰ প্ৰেমিক....

 আৰু মই জোনাকৰ প্ৰেমিক বাবেই
 মোৰ আয়ে ভয় কৰে
 ভয় কৰে মোৰ গাঁওৰ মানুহবোৰে...

 জোনাকৰ প্ৰেমিক বাবেই মই যদি চিনি নাপাওঁ
 মোৰ ধমনীত বৈ থকা তেজৰ গোন্ধ

 মাটিৰ বুকুৰ পৰা উভালি পেলায়
 মোৰ শিপা
 মই যদি চুব বিচাৰো আকাশ..!

 আ: মই বাৰু কিদৰে পাহৰো
 কেঁচা মাটিৰ পৰশ..!!

               (৩)
 জোনাক ভালপোৱা মানুহবোৰ
 গাঁওবোৰলৈ উভতি আহক

 আন্ধাৰত ডুব নাযাওক
 কোনো গাঁও

 জ্বলি নুঠক
 কোনো ঘৰ

 বুকুৰ পৰা বুকুলৈ বিয়পি পৰক
 চেনেহৰ জোনাক

 জোনাকত উজলি উঠক গাঁওবোৰ|
  ***************************

কবিতা : ক'ত পাবা সেই মনালিছা হাঁহি

ক'ত পাবা সেই মনালিছা হাঁহি
--লক্ষ্মণ কুমাৰ



ক'ত পাবা সেই মনালিছা হাঁহি
জীৱন নৈয়েদি উজাই গলেই দেখিবা
কেঁকুৰিয়ে কেঁকুৰিয়ে কিমান মৰাসুঁতি

কিমান ঢৌৱে কঁপাই তোলে
এখন শান্ত শীতল বুকু!

সময়ৰ আঁচল ধৰি
ঘাটে ঘাটে চকুপানীবোৰ এৰি আহিলেও
মুখত সেই একেই আৰ্টিফিচিয়েল হাঁহি

ক'ত পাবা সেই মনালিছা হাঁহি

দুখৰ দিনলিপি লিখি লিখিও
যি ভাগৰি পৰা নাই
সৰি পৰা নাই হাতৰ মুঠিৰ পৰা
গোলাপৰ পাহি
তেওঁৰ মুখতেই বিচাৰি পাবা সেই মনালিছা হাঁহি
........................................................
["অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত"]

  " বন্ধু আৰু বন্ধুত্ব"                           - লক্ষ্মণ কুমাৰ চিৰ সেউজ যি সম্পৰ্ক   তাৰেই নাম বন্ধুত্ব ।   যাৰ সান্নিধ্যই বোৱা...