কথাবোৰ......
--লক্ষ্মণ কুমাৰ
কথাবোৰ কথা হৈ নাথাকে
কথাৰ পৰাই সৃষ্টি হয় নতুন নতুন কথা
কথাবোৰ যদি কেৱল কথা হৈয়ে থাকিলেহেঁতেন
কাৰোৰে কাৰো প্ৰতি নাথাকিলে হয় কোনো অভিযোগ
কথাবোৰ কথা হৈ নাথাকে
কথাৰ পৰাই সৃষ্টি হয় নতুন নতুন কথা
কথাবোৰেই জন্ম দিয়ে সংঘাতৰ, অবিশ্বাসৰ, সন্দেহৰ, ঘৃণাৰ.......
কথাবোৰ যদি গান হোৱাহ'লে......
কথাবোৰ যদি সুৰ হোৱাহ'লে.....
কথাবোৰ যদি কবিতা হোৱাহ'লে......
কথা পাতি ভাল পাওঁ বাবেই তোমাৰ সতে পাতিছিলো কথা
কি কথা পাতিছিলো বাৰু আমি...!!
সেউজীয়াৰ, সুখৰ,সপোনৰ, নদী, আকাশ,বৰষুণৰ
আৰু কবিতাৰ..........
ওঁহো, তোমাক দুখ দিয়াৰ কিবা কথা পাতিছিলো যদি মোৰ মনত নাই....!!
আচলতে শব্দৰ খেল খেলি ভালপোৱা মোৰ এই কবি মনে বুজি পোৱা নাছিল
কথাবোৰ মই ভবাৰ দৰে সদায় কথা হৈ নাথাকে
কথাবোৰ মই ভবাৰ দৰে সদায় গান,সুৰ, কবিতা হৈ নাথাকে!!
কথাবোৰ নজনাকৈয়ে বাট সলায়
কথাবোৰৰ পৰাই সৃষ্টি হয় নতুন নতুন আজব কথা
কথাবোৰ শইচ সেউজীয়াৰ দৰে সুকোমল হওক....
কথাবোৰ কেতিয়াও দুখ অথবা অশান্তিৰ উপকৰণ নহওক
কথাবোৰ কথা হৈয়ে থাকক
কথাবোৰ কথা হৈয়ে থাকক
*************************

No comments:
Post a Comment