Saturday, September 8, 2018

কবিতা : মচি পেলাওঁ চকুপানীবোৰ

 মচি পেলাওঁ চকুপানীবোৰ               
                                     --লক্ষ্মণ কুমাৰ


||এক||
শীতত গছৰ পাত সৰাদি
যেতিয়া চকুলো সৰে
গাভৰুজাকৰ খিল.খিল. হাঁহিয়েও
বুকুত ৰং সানিব নোৱাৰে…

||দুই||
বিষত মলম
বেমাৰত ঔষধ
বাচি থাকিবলৈ নতুন নতুন কৌশল

মৰণৰ ফান্দ পাতি
সময়ে যেতিয়া কিৰিলিয়াই
জীৱনটোনো কিমান দূৰ যাব পাৰে আগুৱায়..!

||তিনি||
ৰঙীন পুৱা এটাক প্ৰসৱ দি
জয়াল ৰাতিটো গুচি যায়

দিনটো শুভ হয়েইবা বুলি
জীৱনটো আকৌ সাৰ পায়..

||চাৰি||
সৌ- সিদিনা জীৱন গঢ়িবলৈকে
ত্যাগ কৰিছিলো সুখ

এতিয়া জীৱনটো ভাঙি নাযাওক বুলি
ঢাকি ৰাখিছো দুখ….

||পাঁচ||
কোনে দেখে কাৰ বুকুৰ দুখ
ক্ষনিকৰ উত্তেজনাত যেন
জিলিকি উঠিছে সৱৰেই কুৎচিত মুখ

নাই., নুগুচে এই ভোক l
|| ছয়||
সৰ্বত্ৰে এতিয়া একেই দুখৰ বিননি
একেই আৰ্তনাদ আৰু উচুপনি

চাওঁ., মচি পেলাওঁ চকুপানীবোৰ
||সাত||
আন্ধাৰ বাঢ়ি আহিছে
এগচি চাকিকে জ্বলাওঁ

শোকত কেতিয়াও বান্ধ নাখাওঁ
সাহসী হবলৈ আমিয়েইতো শিকাওঁ
আমিয়েইতো শিকাওঁ…..
**********************

কবিতা : "অনুভৱত : ল'ৰালি আৰু সপোন"

ল'ৰালিত বাৰু সপোনৰ কোনো সীমা নাথাকে নেকি..?/ বৰ সহজ আছিল ল’ৰালিৰ/ সেই সপোনবোৰ…
শৈশৱৰ মধুৰ স্মৃতিৰ মাজত হেৰাই গৈ উজাগৰ কৰিছো ল’ৰালিৰ দিনবোৰ…...
     
                 
অনুভৱত : "ল'ৰালি আৰু সপোন"
                                                                                                     --লক্ষ্মণ কুমাৰ

‎”অনুভৱত : ল’ৰালি  


--লক্ষ্মণ কু

                                           

অ’ সূৰ্য ঘূৰাই দিয়া মোক
ল’ৰালিৰ সেই দিন
মৰমৰ বুলনিত য’ত আৰম্ভ হয়
প্ৰতিটো দিন….
কি যে আছিল সেই দিন.!
ওঁঠত বিৰিঙিছিল
অবুজ হাঁহি
কেতিয়াবা দুষ্টালিৰে ভৰা হাঁহি।
লুভীয়া দুচকুৱে মাথোঁ বিচাৰিছিল
কাৰ বাৰীত বগৰী পকিছে
কাৰ বাৰীত আছে মধুৰিআম, লিচু…
কাৰ বাৰীত হাউলি পৰিছে মালভোগ কল
গিৰিহঁতে নিদিলে চুৰ কৰিয়ে খাম…
চুৰ কৰি খোৱাৰ আনন্দ যে আছিল অধিক…
“তালৈ নাযাবি, এই কাম দুনাই নকৰিবি, নুচুবি কৈছো নহয় নুচুবি…”
একেবোৰ কথাৰে সদায় পুনৰাবৃত্তি
চৰ আৰু এছাৰিৰ কোব খাইও যে
এৰিব পৰা নাছিলোঁ দুষ্টালি…
ফ্ৰকত পনীয়লবোৰ খামুচি লৈ
দৌৰ মাৰিছিল কেতেকি
কেতেকিজনী আজি দুটা লৰাৰ মাক হ’ল
ফ্ৰক আৰু পনীয়লৰ সম্পৰ্কটো
কেতিয়াবাই নোহোৱা হ’ল
সমনীয়াৰ সৈতে টাং-গুটি খেলাৰ
কি যে ফূৰ্তি..!
এক, দুই, তিনি, চাৰি…
তই আকৌ হাৰিলি ঐ হৰি
‘চকুত লাগিব বোপাই নেখেলিবি’ বুলি
গালি পাৰি খেদি অহা কানুকাই,
এতিয়া আৰু এই পৃথিৱীত নাই…
(অ’ কানুকাই, তই ঠিকেই কৈছিলি.. এতিয়া আৰু টাং-গুটি কোনেও নেখেলা হ’ল অ’! তইও যে নাই খেদি আহিবলৈ..)
আৰু জেপত এমুঠিমান মাৰ্বল লৈ ফুৰা টংকং।
তাৰ আঙুলীৰ কি যাদু !
তাৰ আঙুলীত নাচিছিল মাৰ্বল
দুচকুত আছিল সৈনিক হোৱাৰ সপোন.. ( শত্ৰুৰ কপালত গুলী মৰাৰ
তাৰ যে কিমান হেঁপাহ আছিল …!)
আজি সি চাহপাতৰ ব্যৱসায়ী
জেপত বহু টকা
কিন্তু নাই মাৰ্বল
দুচকুতো নাই চাগৈ সৈনিক হোৱাৰ সপোন
( আজি তাক টংকং বুলি ক’লে যেন মাৰিহে পেলাব অথচ সৰুতে সেই নামতেই কিমান যে মৰম সোমাই আছিল…)
ল’ৰালিত বাৰু সপোনৰ কোনো সীমা নাথাকে নেকি..?
বৰ সহজ আছিল ল’ৰালিৰ
সেই সপোনবোৰ
যিদৰে সহজ সেই সপোনৰ আঁত ধৰি
‘এইম ইন লাইফ’ৰ ৰচনা লিখাটো..
এদিন দত্ত ছাৰে সুধিছিল
‘ক’চোন ল’ৰা, তই ডাঙৰ হৈ কি হ’বি .?’
‘পাইলট হ’ম ছাৰ’
আকাশত উৰাৰ সেই সপোনটো
সপোন হৈয়ে থাকি গ’ল
(…নাই.. নাই.. সপোনৰ মৃত্যু কেতিয়াও হ’ব নোৱাৰে।
সপোন সপোন হৈয়ে থাকি যায় পোহপাল দিব নোৱাৰাৰ দোষত)
সপোনৰ মৃত্যু নহয় বাবেই কিজানি
উৰাজাহাজৰ মাত শুনিলেই
আজিও মই বাহিৰলৈ দৌৰি ওলাই আহোঁ
আকাশলৈ চাওঁ
চাই ৰওঁ সপোনটোক
আৰু সুখী হওঁ মোৰ সেই সপোনটোৱে যে
পূৰ্ণতা পালে তাৰ প্ৰকৃত গৰাকীৰ হাতত ..
( কেতিয়াবা এনেদৰেই ভাঙি যোৱা সপোনবোৰৰ কথা ভাবো, অলপ হাঁহো। কাৰণ সেই সপোনবোৰৰ প্ৰকৃত গৰাকী মই যে কেতিয়াও নাছিলো । নহ’লে সপোন জানো ভাঙি যাব পাৰে.!)
ল’ৰালিৰ বাটেদি
বহু দূৰ আগুৱাই আহিলোঁ
এতিয়াও বিচাৰো দুওঁঠৰ দুকোণত
দুষ্টালিৰে ভৰা ল’ৰালিৰ সেই হাঁহিটি
অ’ শইকীয়া ছাৰ,
দিয়া অ’ চেকনীৰে কোব দিয়া মোক
দুহাত আগবঢ়াই দিছো চোৱা
কাণত ধৰি কওঁ–
অংকত আৰু নকৰো ভুল
জীৱনৰ এই নিমিলা অংকত
আজি কিমান যে হয় মোৰ ভুল…!!
‘জোনবাই এ..’ আছে যদি দিয়া না
সেই বেজীটি,
সী দিওঁ
জীৱনৰ জটিলতাত ফাটিব ধৰা
মোৰ বুকুখন..,
(– নাই জোনবাইয়ে সেই বেজীটি কেতিয়াও নিদিয়ে । জোনবাইয়ে জানে, বুটা বছা আমাৰ হৃদয়খন সীবলৈ কোনো বেজীৰ প্ৰয়োজন নাই, আছে মাথোঁ হাঁহি হাঁহি জীৱনটোক সম্ভাষণ জনাব পৰা অশ্বাৰোহী, অক্লান্ত এটি মনৰ)

কবিতা : বাঁহী


বাঁহী

--লক্ষ্মণ কুমাৰ





তোমাৰ বাবেই এদিন
ওঁঠত তুলি লৈছিলো
প্ৰেমৰ সুৰীয়া বাঁহী
সুৰৰ মুৰ্ছনাত
এজাক বৰষুণ নামি আহিব খুজিছিল
বৰ্ষাৰ বাবে
উন্মাদ হৈ পৰিছিল
পৃথিৱী
নাচি উঠিছিল আনন্দত
ফুলনিৰ
প্ৰতিপাহ ফুল
বৰষুণ নাহিল….
বাঁহীৰ সুৰে
কঁপাব পৰা নাছিল
আকাশ
ৰুধিব পৰা নাছিল
সময়ৰ
নিষ্ঠুৰ আহ্বানক
আৰু আকাশখনে মেঘৰ সাজ
পিন্ধি লোৱাৰ সময়তে
তুমি গুচি গ’লা
সুউচ্চ পাহাৰ বগাই
কোনোবা দুৰণিলৈ…
নিস্প্ৰভ হৈ পৰিল
আকাশৰ
উজ্জ্বল তৰাটি
আস: কন্দুৱাই মাৰিলা মোক..!!
তেতিয়াৰে পৰা আকাশখনে
সলোৱা নাই
মেঘৰ সাজ
উজলি উঠা নাই
তৰা
এতিয়া এই নিসংগ আবেলিবোৰত
সোঁৱৰণীৰ বাটেদি মোৰ বুকুলৈ
উজাই আহে
বাঁহীৰ এটি মিঠা সুৰ….
জীৱন থকা মানেই
বাজি থাকিব
এই বাঁহী…!!
***********

  " বন্ধু আৰু বন্ধুত্ব"                           - লক্ষ্মণ কুমাৰ চিৰ সেউজ যি সম্পৰ্ক   তাৰেই নাম বন্ধুত্ব ।   যাৰ সান্নিধ্যই বোৱা...