Poems and feeings of heart. দুচকুত সপোন বুকুত সেউজীয়াৰ উৎসৱ.... কবিতা, ভ্ৰমণ আৰু ফটোগ্ৰাফী মোৰ প্ৰিয় বিষয়।
Friday, September 27, 2019
Friday, July 5, 2019
বৰষুণ......
বৰষুণ....
--লক্ষ্মণ কুমাৰ
Some People feel the rain
Others just get wet.
--- Bob Marley.
বৰষুণ...বৰষুণ....
হেঁপাহৰ বৰষুণ.....
--লক্ষ্মণ কুমাৰ
Some People feel the rain
Others just get wet.
--- Bob Marley.
বৰষুণ...বৰষুণ....
হেঁপাহৰ বৰষুণ.....
যি আকাশত বিজুলী চমকে
সেই আকাশেদিয়ে জিৰজিৰকৈ নামি আহে
বৰষুণৰ টোপাল
বৰষুণ মোৰ প্ৰিয় শব্দ
বৰষুণ মোৰ প্ৰিয় গান
বৰষুণ মোৰ প্ৰিয় উৎসৱ
বৰষুণ মোৰ নিসংগতাক শুৱনি কৰা শুৱনি নাৰী!
বুকুৱে বুকুৱে বাজি উঠক
বৰষুণৰ সুমধুৰ গান
গুণগুণ...গুণগুণ..........!!
সেই আকাশেদিয়ে জিৰজিৰকৈ নামি আহে
বৰষুণৰ টোপাল
বৰষুণ মোৰ প্ৰিয় শব্দ
বৰষুণ মোৰ প্ৰিয় গান
বৰষুণ মোৰ প্ৰিয় উৎসৱ
বৰষুণ মোৰ নিসংগতাক শুৱনি কৰা শুৱনি নাৰী!
বুকুৱে বুকুৱে বাজি উঠক
বৰষুণৰ সুমধুৰ গান
গুণগুণ...গুণগুণ..........!!
সেউজীয়াৰ উৎসৱ.......
সেউজীয়াৰ উৎসৱ.............
1.
"So many things become beautiful when you really look."
বিষন্ন দুচকুত সিঁচি দিওঁ
সেউজবুলীয়া সপোন
ছাইৰঙী বুকুত বাৰে বাৰে উদযাপিত হয়
সেউজীয়াৰ উৎসৱ
সেয়ে চাগে দুখৰ বতাহজাকে আজিও
কাঢ়ি নিব পৰা নাই মোৰ
ওঁঠৰ সেউজ হাঁহি.. !!
...........................................................................
1.
"So many things become beautiful when you really look."
বিষন্ন দুচকুত সিঁচি দিওঁ
সেউজবুলীয়া সপোন
ওঁঠত আঁকি দিওঁ
বেঙুনীয়া হাঁহি........!!
চৌদিশে, এতিয়া ৰঙৰ সমাহাৰ||
2.
"I need silence, and to be alone and to go out......."
এই আকাশ
এই সেউজ পৃথিৱী
বাটে বাটে
এজাৰৰ ৰঙীন হাঁহি....
আৰু ভালপাবলৈ মোৰ
এখনেই হৃদয়...!!
3.
"All nature has a feeling. Get lost in nature and you will find yourself..."বেঙুনীয়া হাঁহি........!!
চৌদিশে, এতিয়া ৰঙৰ সমাহাৰ||
2.
"I need silence, and to be alone and to go out......."
এই আকাশ
এই সেউজ পৃথিৱী
বাটে বাটে
এজাৰৰ ৰঙীন হাঁহি....
আৰু ভালপাবলৈ মোৰ
এখনেই হৃদয়...!!
3.
ছাইৰঙী বুকুত বাৰে বাৰে উদযাপিত হয়
সেউজীয়াৰ উৎসৱ
সেয়ে চাগে দুখৰ বতাহজাকে আজিও
কাঢ়ি নিব পৰা নাই মোৰ
ওঁঠৰ সেউজ হাঁহি.. !!
...........................................................................
Thursday, July 4, 2019
শব্দৰ বাগিচাত এমুঠি কবিতা
শব্দৰ বাগিচাত এমুঠি কবিতা
-লক্ষ্মণ কুমাৰ
১.
হেৰুৱা শিপাৰ গোন্ধ জানো বিচাৰি পায়
বুকুত তুমি আৰু আকাশত জোন হেৰায়!
২.
যাওঁ বুলি কৈও সোঁৱৰণিৰ বাগিছাত
তুমি জিলিকি থাকিলা!
৩.
নহ'লো মই নদী
সুতি হেৰালেও বৈ যায় যি!
৪.
ৰাতি ৰাতি এতিয়া নবজাবা বীণ
সমাধিৰ ভিতৰত এই জীৱন আশাহীন,প্ৰাণহীন...!
৫.
যি হাতেৰে এদিন জ্বলাইছিলো চাকি
সেই হাততেই আজি আন্ধাৰ এমুঠি!
৬.
কজলা মেঘে বৰণ সলালে
এক লহমাৰ বাবে হেৰাই গ'লো মই জোনাক জোনাক ভাৱনাত!
৭.
যদি কোৱা মানি ল'ম পথাৰ মানে কেৱল মাটি
সাগৰ মানে কেৱল পানী!
৮.
কুঁৱলীবোৰ আহি গুচি গ'ল
বুকুত এতিয়া কুঁৱলীৰ চেঁচা অনুভূতি
৯.
দুখবোৰ বুজি নোপোৱালৈকে
সুখেৰেইতো ভৰি থাকে জীৱন
১০.
দুখৰ শলিতাডাল নজ্বলালৈকে
কোনে জ্বলাব পাৰে সুখৰ চাকি!!
---------------------------------------------
-লক্ষ্মণ কুমাৰ
১.
হেৰুৱা শিপাৰ গোন্ধ জানো বিচাৰি পায়
বুকুত তুমি আৰু আকাশত জোন হেৰায়!
২.
যাওঁ বুলি কৈও সোঁৱৰণিৰ বাগিছাত
তুমি জিলিকি থাকিলা!
৩.
নহ'লো মই নদী
সুতি হেৰালেও বৈ যায় যি!
৪.
ৰাতি ৰাতি এতিয়া নবজাবা বীণ
সমাধিৰ ভিতৰত এই জীৱন আশাহীন,প্ৰাণহীন...!
৫.
যি হাতেৰে এদিন জ্বলাইছিলো চাকি
সেই হাততেই আজি আন্ধাৰ এমুঠি!
৬.
কজলা মেঘে বৰণ সলালে
এক লহমাৰ বাবে হেৰাই গ'লো মই জোনাক জোনাক ভাৱনাত!
৭.
যদি কোৱা মানি ল'ম পথাৰ মানে কেৱল মাটি
সাগৰ মানে কেৱল পানী!
৮.
কুঁৱলীবোৰ আহি গুচি গ'ল
বুকুত এতিয়া কুঁৱলীৰ চেঁচা অনুভূতি
৯.
দুখবোৰ বুজি নোপোৱালৈকে
সুখেৰেইতো ভৰি থাকে জীৱন
১০.
দুখৰ শলিতাডাল নজ্বলালৈকে
কোনে জ্বলাব পাৰে সুখৰ চাকি!!
---------------------------------------------
কথাবোৰ......
কথাবোৰ......
--লক্ষ্মণ কুমাৰ
কথাবোৰ কথা হৈ নাথাকে
কথাৰ পৰাই সৃষ্টি হয় নতুন নতুন কথা
কথাবোৰ যদি কেৱল কথা হৈয়ে থাকিলেহেঁতেন
কাৰোৰে কাৰো প্ৰতি নাথাকিলে হয় কোনো অভিযোগ
কথাবোৰ কথা হৈ নাথাকে
কথাৰ পৰাই সৃষ্টি হয় নতুন নতুন কথা
কথাবোৰেই জন্ম দিয়ে সংঘাতৰ, অবিশ্বাসৰ, সন্দেহৰ, ঘৃণাৰ.......
কথাবোৰ যদি গান হোৱাহ'লে......
কথাবোৰ যদি সুৰ হোৱাহ'লে.....
কথাবোৰ যদি কবিতা হোৱাহ'লে......
কথা পাতি ভাল পাওঁ বাবেই তোমাৰ সতে পাতিছিলো কথা
কি কথা পাতিছিলো বাৰু আমি...!!
সেউজীয়াৰ, সুখৰ,সপোনৰ, নদী, আকাশ,বৰষুণৰ
আৰু কবিতাৰ..........
ওঁহো, তোমাক দুখ দিয়াৰ কিবা কথা পাতিছিলো যদি মোৰ মনত নাই....!!
আচলতে শব্দৰ খেল খেলি ভালপোৱা মোৰ এই কবি মনে বুজি পোৱা নাছিল
কথাবোৰ মই ভবাৰ দৰে সদায় কথা হৈ নাথাকে
কথাবোৰ মই ভবাৰ দৰে সদায় গান,সুৰ, কবিতা হৈ নাথাকে!!
কথাবোৰ নজনাকৈয়ে বাট সলায়
কথাবোৰৰ পৰাই সৃষ্টি হয় নতুন নতুন আজব কথা
কথাবোৰ শইচ সেউজীয়াৰ দৰে সুকোমল হওক....
কথাবোৰ কেতিয়াও দুখ অথবা অশান্তিৰ উপকৰণ নহওক
কথাবোৰ কথা হৈয়ে থাকক
কথাবোৰ কথা হৈয়ে থাকক
*************************
--লক্ষ্মণ কুমাৰ
কথাবোৰ কথা হৈ নাথাকে
কথাৰ পৰাই সৃষ্টি হয় নতুন নতুন কথা
কথাবোৰ যদি কেৱল কথা হৈয়ে থাকিলেহেঁতেন
কাৰোৰে কাৰো প্ৰতি নাথাকিলে হয় কোনো অভিযোগ
কথাবোৰ কথা হৈ নাথাকে
কথাৰ পৰাই সৃষ্টি হয় নতুন নতুন কথা
কথাবোৰেই জন্ম দিয়ে সংঘাতৰ, অবিশ্বাসৰ, সন্দেহৰ, ঘৃণাৰ.......
কথাবোৰ যদি গান হোৱাহ'লে......
কথাবোৰ যদি সুৰ হোৱাহ'লে.....
কথাবোৰ যদি কবিতা হোৱাহ'লে......
কথা পাতি ভাল পাওঁ বাবেই তোমাৰ সতে পাতিছিলো কথা
কি কথা পাতিছিলো বাৰু আমি...!!
সেউজীয়াৰ, সুখৰ,সপোনৰ, নদী, আকাশ,বৰষুণৰ
আৰু কবিতাৰ..........
ওঁহো, তোমাক দুখ দিয়াৰ কিবা কথা পাতিছিলো যদি মোৰ মনত নাই....!!
আচলতে শব্দৰ খেল খেলি ভালপোৱা মোৰ এই কবি মনে বুজি পোৱা নাছিল
কথাবোৰ মই ভবাৰ দৰে সদায় কথা হৈ নাথাকে
কথাবোৰ মই ভবাৰ দৰে সদায় গান,সুৰ, কবিতা হৈ নাথাকে!!
কথাবোৰ নজনাকৈয়ে বাট সলায়
কথাবোৰৰ পৰাই সৃষ্টি হয় নতুন নতুন আজব কথা
কথাবোৰ শইচ সেউজীয়াৰ দৰে সুকোমল হওক....
কথাবোৰ কেতিয়াও দুখ অথবা অশান্তিৰ উপকৰণ নহওক
কথাবোৰ কথা হৈয়ে থাকক
কথাবোৰ কথা হৈয়ে থাকক
*************************
Subscribe to:
Posts (Atom)
" বন্ধু আৰু বন্ধুত্ব" - লক্ষ্মণ কুমাৰ চিৰ সেউজ যি সম্পৰ্ক তাৰেই নাম বন্ধুত্ব । যাৰ সান্নিধ্যই বোৱা...

-
" নৈৰ পাৰত তুমি আৰু মই " --লক্ষ্মণ কুমাৰ (নৈৰ পাৰৰ চেচাঁ বতাহজাকে উৰুৱাইছে তোমাৰ আঁচল.... ) ...
-
বাঁহী --লক্ষ্মণ কুমাৰ তোমাৰ বাবেই এদিন ওঁঠত তুলি লৈছিলো প্ৰেমৰ সুৰীয়া বাঁহী সুৰৰ মুৰ্ছনাত এজাক বৰষুণ নামি আহিব খুজিছিল ...