Tuesday, September 11, 2018

কবিতা: পুতলাবোৰ

 পুতলাবোৰ
                -লক্ষ্মণ কুমাৰ


  
পুতলাবোৰ সিহঁতৰ অতিকে প্ৰিয়
পুতলাবোৰৰ সৈতে সিহঁতে খেলি ভালপায়
পুতলাবোৰক জোৰ কৰি বুকুত সাবটি ল'ব পাৰি
পুতলাবোৰৰ কাপোৰ খুলি নাঙঠ কৰিব পাৰি 
আৰু নিজৰ পছন্দৰ নতুন কাপোৰ পিন্ধাই
পুতলাবোৰক সজাই থ'ব পাৰি
পুতলাবোৰক টানি চোঁচৰাই
এচকুত থাকিবলৈ বাধ্য কৰাব পাৰি

পুতলাবোৰ জলন্ত আঙঠাৰ বিচনাত শুইয়ো
এবাৰো চিৎকাৰ কৰি নুঠে
অথবা প্ৰচণ্ড বৰষুণত তিতিও অসুখত নপৰে
পুতলাবোৰৰ দুচকুৱেদি কেতিয়াও চকুপানী বাগৰি নাহে
পুতলাবোৰে নীৰৱে সহি থাকে সকলো যাতনা

পুতলাবোৰৰ বুকুতো থাকে স্বাধীনতাৰ মিঠা অনুভূতি
পুতলাবোৰে কিন্তু কোনোদিনে কোনো প্ৰতিবাদ নকৰে

এনে পুতলাবোৰকে সিহঁতে বিচাৰি ফুৰে
পুতলাবোৰ হৃদয়হীন লোকৰ অতিকে প্ৰিয়।

ময়ো যদি কেতিয়াৱা হেৰুৱাই পেলাওঁ মোৰ হৃদয়
অ' মোৰ প্ৰিয়তমা, তুমি কেতিয়াও পুতলা নহ'বা
তুমি কেতিয়াও পুতলা নহ'বা।

 **********************************
[নতুন কবিতা'ত(সদৌ অসম কবি সম্মিলনৰ মুখপত্র)  প্রকাশিত ]

1 comment:

  " বন্ধু আৰু বন্ধুত্ব"                           - লক্ষ্মণ কুমাৰ চিৰ সেউজ যি সম্পৰ্ক   তাৰেই নাম বন্ধুত্ব ।   যাৰ সান্নিধ্যই বোৱা...