Tuesday, September 11, 2018

কবিতা: পুতলাবোৰ

 পুতলাবোৰ
                -লক্ষ্মণ কুমাৰ


  
পুতলাবোৰ সিহঁতৰ অতিকে প্ৰিয়
পুতলাবোৰৰ সৈতে সিহঁতে খেলি ভালপায়
পুতলাবোৰক জোৰ কৰি বুকুত সাবটি ল'ব পাৰি
পুতলাবোৰৰ কাপোৰ খুলি নাঙঠ কৰিব পাৰি 
আৰু নিজৰ পছন্দৰ নতুন কাপোৰ পিন্ধাই
পুতলাবোৰক সজাই থ'ব পাৰি
পুতলাবোৰক টানি চোঁচৰাই
এচকুত থাকিবলৈ বাধ্য কৰাব পাৰি

পুতলাবোৰ জলন্ত আঙঠাৰ বিচনাত শুইয়ো
এবাৰো চিৎকাৰ কৰি নুঠে
অথবা প্ৰচণ্ড বৰষুণত তিতিও অসুখত নপৰে
পুতলাবোৰৰ দুচকুৱেদি কেতিয়াও চকুপানী বাগৰি নাহে
পুতলাবোৰে নীৰৱে সহি থাকে সকলো যাতনা

পুতলাবোৰৰ বুকুতো থাকে স্বাধীনতাৰ মিঠা অনুভূতি
পুতলাবোৰে কিন্তু কোনোদিনে কোনো প্ৰতিবাদ নকৰে

এনে পুতলাবোৰকে সিহঁতে বিচাৰি ফুৰে
পুতলাবোৰ হৃদয়হীন লোকৰ অতিকে প্ৰিয়।

ময়ো যদি কেতিয়াৱা হেৰুৱাই পেলাওঁ মোৰ হৃদয়
অ' মোৰ প্ৰিয়তমা, তুমি কেতিয়াও পুতলা নহ'বা
তুমি কেতিয়াও পুতলা নহ'বা।

 **********************************
[নতুন কবিতা'ত(সদৌ অসম কবি সম্মিলনৰ মুখপত্র)  প্রকাশিত ]

Sunday, September 9, 2018

কবিতা: তোমাৰ হাতৰ আঙুলি

তোমাৰ হাতৰ আঙুলি
                      ---লক্ষ্মণ কুমাৰ


ফুলৰ সমান কোমল আছিল
তোমাৰ হাতৰ আঙুলি

এদিন কাঁইটে বিন্ধিছিল
তোমাৰ আঙুলিত

বৈ আহিছিল তেজৰ সোঁত
মোৰ কলিজাইয়েদি ....

সিদিনাই প্ৰথমবাৰৰ বাবে
মই ফুলৰ প্ৰেমত পৰিছিলো|

তুমি আজি
কাঁইটৰ পৰা বহু দুৰত
ফুলনি সাজিছা

আৰু

মই মোৰ ফুলনিতে
কাঁইট জীয়াইছো|

কেৱল কাঁইটেহে চিনি পায়
তোমাৰ হাতৰ আঙুলি

কেৱল কাঁইটেহে জানে
কিয় পিন্ধোৱা নাই মই
তোমাৰ অনামিকাত আঙুঠি..!
*********************

Saturday, September 8, 2018

কবিতা : মচি পেলাওঁ চকুপানীবোৰ

 মচি পেলাওঁ চকুপানীবোৰ               
                                     --লক্ষ্মণ কুমাৰ


||এক||
শীতত গছৰ পাত সৰাদি
যেতিয়া চকুলো সৰে
গাভৰুজাকৰ খিল.খিল. হাঁহিয়েও
বুকুত ৰং সানিব নোৱাৰে…

||দুই||
বিষত মলম
বেমাৰত ঔষধ
বাচি থাকিবলৈ নতুন নতুন কৌশল

মৰণৰ ফান্দ পাতি
সময়ে যেতিয়া কিৰিলিয়াই
জীৱনটোনো কিমান দূৰ যাব পাৰে আগুৱায়..!

||তিনি||
ৰঙীন পুৱা এটাক প্ৰসৱ দি
জয়াল ৰাতিটো গুচি যায়

দিনটো শুভ হয়েইবা বুলি
জীৱনটো আকৌ সাৰ পায়..

||চাৰি||
সৌ- সিদিনা জীৱন গঢ়িবলৈকে
ত্যাগ কৰিছিলো সুখ

এতিয়া জীৱনটো ভাঙি নাযাওক বুলি
ঢাকি ৰাখিছো দুখ….

||পাঁচ||
কোনে দেখে কাৰ বুকুৰ দুখ
ক্ষনিকৰ উত্তেজনাত যেন
জিলিকি উঠিছে সৱৰেই কুৎচিত মুখ

নাই., নুগুচে এই ভোক l
|| ছয়||
সৰ্বত্ৰে এতিয়া একেই দুখৰ বিননি
একেই আৰ্তনাদ আৰু উচুপনি

চাওঁ., মচি পেলাওঁ চকুপানীবোৰ
||সাত||
আন্ধাৰ বাঢ়ি আহিছে
এগচি চাকিকে জ্বলাওঁ

শোকত কেতিয়াও বান্ধ নাখাওঁ
সাহসী হবলৈ আমিয়েইতো শিকাওঁ
আমিয়েইতো শিকাওঁ…..
**********************

কবিতা : "অনুভৱত : ল'ৰালি আৰু সপোন"

ল'ৰালিত বাৰু সপোনৰ কোনো সীমা নাথাকে নেকি..?/ বৰ সহজ আছিল ল’ৰালিৰ/ সেই সপোনবোৰ…
শৈশৱৰ মধুৰ স্মৃতিৰ মাজত হেৰাই গৈ উজাগৰ কৰিছো ল’ৰালিৰ দিনবোৰ…...
     
                 
অনুভৱত : "ল'ৰালি আৰু সপোন"
                                                                                                     --লক্ষ্মণ কুমাৰ

‎”অনুভৱত : ল’ৰালি  


--লক্ষ্মণ কু

                                           

অ’ সূৰ্য ঘূৰাই দিয়া মোক
ল’ৰালিৰ সেই দিন
মৰমৰ বুলনিত য’ত আৰম্ভ হয়
প্ৰতিটো দিন….
কি যে আছিল সেই দিন.!
ওঁঠত বিৰিঙিছিল
অবুজ হাঁহি
কেতিয়াবা দুষ্টালিৰে ভৰা হাঁহি।
লুভীয়া দুচকুৱে মাথোঁ বিচাৰিছিল
কাৰ বাৰীত বগৰী পকিছে
কাৰ বাৰীত আছে মধুৰিআম, লিচু…
কাৰ বাৰীত হাউলি পৰিছে মালভোগ কল
গিৰিহঁতে নিদিলে চুৰ কৰিয়ে খাম…
চুৰ কৰি খোৱাৰ আনন্দ যে আছিল অধিক…
“তালৈ নাযাবি, এই কাম দুনাই নকৰিবি, নুচুবি কৈছো নহয় নুচুবি…”
একেবোৰ কথাৰে সদায় পুনৰাবৃত্তি
চৰ আৰু এছাৰিৰ কোব খাইও যে
এৰিব পৰা নাছিলোঁ দুষ্টালি…
ফ্ৰকত পনীয়লবোৰ খামুচি লৈ
দৌৰ মাৰিছিল কেতেকি
কেতেকিজনী আজি দুটা লৰাৰ মাক হ’ল
ফ্ৰক আৰু পনীয়লৰ সম্পৰ্কটো
কেতিয়াবাই নোহোৱা হ’ল
সমনীয়াৰ সৈতে টাং-গুটি খেলাৰ
কি যে ফূৰ্তি..!
এক, দুই, তিনি, চাৰি…
তই আকৌ হাৰিলি ঐ হৰি
‘চকুত লাগিব বোপাই নেখেলিবি’ বুলি
গালি পাৰি খেদি অহা কানুকাই,
এতিয়া আৰু এই পৃথিৱীত নাই…
(অ’ কানুকাই, তই ঠিকেই কৈছিলি.. এতিয়া আৰু টাং-গুটি কোনেও নেখেলা হ’ল অ’! তইও যে নাই খেদি আহিবলৈ..)
আৰু জেপত এমুঠিমান মাৰ্বল লৈ ফুৰা টংকং।
তাৰ আঙুলীৰ কি যাদু !
তাৰ আঙুলীত নাচিছিল মাৰ্বল
দুচকুত আছিল সৈনিক হোৱাৰ সপোন.. ( শত্ৰুৰ কপালত গুলী মৰাৰ
তাৰ যে কিমান হেঁপাহ আছিল …!)
আজি সি চাহপাতৰ ব্যৱসায়ী
জেপত বহু টকা
কিন্তু নাই মাৰ্বল
দুচকুতো নাই চাগৈ সৈনিক হোৱাৰ সপোন
( আজি তাক টংকং বুলি ক’লে যেন মাৰিহে পেলাব অথচ সৰুতে সেই নামতেই কিমান যে মৰম সোমাই আছিল…)
ল’ৰালিত বাৰু সপোনৰ কোনো সীমা নাথাকে নেকি..?
বৰ সহজ আছিল ল’ৰালিৰ
সেই সপোনবোৰ
যিদৰে সহজ সেই সপোনৰ আঁত ধৰি
‘এইম ইন লাইফ’ৰ ৰচনা লিখাটো..
এদিন দত্ত ছাৰে সুধিছিল
‘ক’চোন ল’ৰা, তই ডাঙৰ হৈ কি হ’বি .?’
‘পাইলট হ’ম ছাৰ’
আকাশত উৰাৰ সেই সপোনটো
সপোন হৈয়ে থাকি গ’ল
(…নাই.. নাই.. সপোনৰ মৃত্যু কেতিয়াও হ’ব নোৱাৰে।
সপোন সপোন হৈয়ে থাকি যায় পোহপাল দিব নোৱাৰাৰ দোষত)
সপোনৰ মৃত্যু নহয় বাবেই কিজানি
উৰাজাহাজৰ মাত শুনিলেই
আজিও মই বাহিৰলৈ দৌৰি ওলাই আহোঁ
আকাশলৈ চাওঁ
চাই ৰওঁ সপোনটোক
আৰু সুখী হওঁ মোৰ সেই সপোনটোৱে যে
পূৰ্ণতা পালে তাৰ প্ৰকৃত গৰাকীৰ হাতত ..
( কেতিয়াবা এনেদৰেই ভাঙি যোৱা সপোনবোৰৰ কথা ভাবো, অলপ হাঁহো। কাৰণ সেই সপোনবোৰৰ প্ৰকৃত গৰাকী মই যে কেতিয়াও নাছিলো । নহ’লে সপোন জানো ভাঙি যাব পাৰে.!)
ল’ৰালিৰ বাটেদি
বহু দূৰ আগুৱাই আহিলোঁ
এতিয়াও বিচাৰো দুওঁঠৰ দুকোণত
দুষ্টালিৰে ভৰা ল’ৰালিৰ সেই হাঁহিটি
অ’ শইকীয়া ছাৰ,
দিয়া অ’ চেকনীৰে কোব দিয়া মোক
দুহাত আগবঢ়াই দিছো চোৱা
কাণত ধৰি কওঁ–
অংকত আৰু নকৰো ভুল
জীৱনৰ এই নিমিলা অংকত
আজি কিমান যে হয় মোৰ ভুল…!!
‘জোনবাই এ..’ আছে যদি দিয়া না
সেই বেজীটি,
সী দিওঁ
জীৱনৰ জটিলতাত ফাটিব ধৰা
মোৰ বুকুখন..,
(– নাই জোনবাইয়ে সেই বেজীটি কেতিয়াও নিদিয়ে । জোনবাইয়ে জানে, বুটা বছা আমাৰ হৃদয়খন সীবলৈ কোনো বেজীৰ প্ৰয়োজন নাই, আছে মাথোঁ হাঁহি হাঁহি জীৱনটোক সম্ভাষণ জনাব পৰা অশ্বাৰোহী, অক্লান্ত এটি মনৰ)

কবিতা : বাঁহী


বাঁহী

--লক্ষ্মণ কুমাৰ





তোমাৰ বাবেই এদিন
ওঁঠত তুলি লৈছিলো
প্ৰেমৰ সুৰীয়া বাঁহী
সুৰৰ মুৰ্ছনাত
এজাক বৰষুণ নামি আহিব খুজিছিল
বৰ্ষাৰ বাবে
উন্মাদ হৈ পৰিছিল
পৃথিৱী
নাচি উঠিছিল আনন্দত
ফুলনিৰ
প্ৰতিপাহ ফুল
বৰষুণ নাহিল….
বাঁহীৰ সুৰে
কঁপাব পৰা নাছিল
আকাশ
ৰুধিব পৰা নাছিল
সময়ৰ
নিষ্ঠুৰ আহ্বানক
আৰু আকাশখনে মেঘৰ সাজ
পিন্ধি লোৱাৰ সময়তে
তুমি গুচি গ’লা
সুউচ্চ পাহাৰ বগাই
কোনোবা দুৰণিলৈ…
নিস্প্ৰভ হৈ পৰিল
আকাশৰ
উজ্জ্বল তৰাটি
আস: কন্দুৱাই মাৰিলা মোক..!!
তেতিয়াৰে পৰা আকাশখনে
সলোৱা নাই
মেঘৰ সাজ
উজলি উঠা নাই
তৰা
এতিয়া এই নিসংগ আবেলিবোৰত
সোঁৱৰণীৰ বাটেদি মোৰ বুকুলৈ
উজাই আহে
বাঁহীৰ এটি মিঠা সুৰ….
জীৱন থকা মানেই
বাজি থাকিব
এই বাঁহী…!!
***********

Thursday, September 6, 2018

কবিতা : বিষয় তাই

"বিষয়: তাই "
--লক্ষ্মণ কুমাৰ

আকাশ কঁপাই হঠাতে
খহি পৰিল
উজ্জ্বল তৰাটি...!!

কি দোষ আছিল তাইৰ...????

তাইৰ দুচকুত বহাগ আছিল
তাইৰ বুকুত গান আছিল
তাইৰ হাঁহিত জোনাক সৰিছিল

সেয়ে সহ্য নহ'ল ঈশ্বৰৰ ।।

অন্ধ ঈশ্বৰক ভেঙুচালি কৰি
যন্ত্ৰণাৰ ডেউকাৰে
তাই উৰি গুচি গ'ল
এই আকাশ
এই পৃথিৱী এৰি....
************

Wednesday, September 5, 2018

কবিতা : দুটি চুটি কবিতা

 দুটি চুটি কবিতা
 --লক্ষ্মণ কুমাৰ



   অপ্ৰাপ্তি

 ক'ৰপৰানো আহে
 এটি প্ৰেমিক চৰাই....!!
 মতলীয়া হৈ নাচি ফুৰে
 মোৰ সোঁৱে- বাঁওৱে...
 তাকে চাবলৈ,
 আকাশত দৌৰ মাৰি আহে
 এচপৰা মেঘ
 আৰু বৰ্ষাৰ বাবে
 উন্মাদ হৈ পৰে পৃথিৱী
 বৰষুণ নাহে.,
 ডেউকা কপাঁই
 উৰি উৰি গুছি যায় চৰাই
 আকাশৰ পৰা নোহোৱা হৈ পৰে মেঘ..
  *****************

  ভালপোৱা

 তুমি কাঁইটীয়া বাটেদি
 খোজ ললে
 মোৰ বাটত জানো গোলাপ
  ফুলি থাকিব!!

 তোমাৰ বাটৰ কাঁইট
 আঁতৰাই থাকোতেই
 মোৰ বাটৰ গোলাপ
  মৰহি যাব!!
  *************

কবিতা : নৈৰ পাৰত তুমি আৰু মই

  " নৈৰ পাৰত তুমি আৰু মই"
   --লক্ষ্মণ কুমাৰ




      (নৈৰ পাৰৰ চেচাঁ বতাহজাকে উৰুৱাইছে তোমাৰ            আঁচল.... )

 ---- বতাহজাক ইমান চেচাঁ..!!

 ---- নৈৰ বুকুখন যে চেচাঁ ।

 ---- আৰু তোমাৰ..??

 ---- হাঃ.. হাঃ.. মোৰ বুকু
       বিষাদৰ জুইত উতলা মোৰ বুকুখনো
       জানো কেনেকৈ হৈ পৰে চেচাঁ.!!

 ---- চোৱা.., নৈৰ বালিত
       জিলিকিছে আমাৰ খোজবোৰ

 ---- ওঁ.., নৈৰ পানীয়ে চুই যাব আমাৰ খোজবোৰ
       আৰু নিছিন্ন হৈ যাব এই খোজবোৰ....

 ---- কিয় বাৰু এনে হয় !!
       বৰ্তমান কিয় বাৰু হেৰায় যায় !!

 ---- বৰ্তমান জানো হেৰায়!!
       স্মৃতি হৈ ই বুকুতে থাকি যায় ।

 ---- সৌ পাহাৰখন দেখিছা.?
       নৈৰ পাৰে পাৰে গৈ গৈ যেন
       হেৰাই যাম সেউজীয়াৰ বুকুত !

 ---- এই যেন হেৰাই যাম
       বুকুত এখন পাহাৰ লৈ
       দুয়ো দুয়োতে বিলীন হৈ!

 ---- বৰ সুন্দৰ কবিতা ।

 ---- হাঃ.. হাঃ., তুমি জানো বুজা হৃদয়ৰ ভাষা!
       তুমি জানো বুজি পোৱা
       তোমাৰ প্ৰিয় কবিৰ কবিতাৰ
       প্ৰিয় পংক্তিৰ আঁৰত লুকাই থকা
       দুখ বেদনা অথবা ভালপোৱাৰ কথা..!!

 ---- নাজানো.., বুজা- নুবুজাৰ মাজতেই চোন
       থাকি যায় বহু কথা।

 ---- বুকুৰ কথাবোৰ সেইখন বুকুৱেহে জানে
       য'ত অনুভৱবোৰ ফুল হৈ ফুলে
       আৰু বেদনাবোৰ শব্দ হৈ সৰে....

 ---- আৰু তুমি...! তুমি মুখ মেলিলেই কবিতা সৰে ।
       অ' মোৰ প্ৰিয় কবি, ক'ত পোৱা ইমান শব্দ.?

 ---- হাঃ.. হাঃ..,কি কৰিবা শব্দবোৰক লৈ
       যদি বুকুত নাথাকে একোৱেই অনুভুতি..!!
 
       নৈখনলৈ চোৱা...

 ---- ....??

 ---- মৌন অথচ বুকুত ইমান কবিতা

      (বতাহৰ সোঁতত আহি মাজে মাজে নৈৰ পানীয়ে শিলবোৰক স্পৰ্শ কৰিছে আৰু শিলবোৰ যেন চঞ্চল হৈ পৰিছে...)

 ---- সৌফালে চোৱা..।
       নৈৰ পানীয়ে শিলৰ বুকুত খুন্দা মাৰি গুচি গৈছে।

 ---- এইয়াইতো জীৱন..,
       আপোন মানুহবোৰ, ভাললগা মানুহবোৰ...
       এনেকৈয়ে আহি বুকুত খুন্দা মাৰি
       আমাক দি থৈ যায় এটা মিঠা অনুভুতি
   
        আৰু কেতিয়াবা......

 ---- ...??

 ---- নাই.. নাই., একো নাই..
      একো দুখ নাই..
      এইয়াই হয়তো নিয়ম !!

 ---- কি ..??

 ---- এইয়াই..,
       শিলৰ বুকু খহাই
       নৈৰ পানী সাগৰলৈ ধিয়াই।

      (নৈখনৰ বুকুত নামি তুমি চুই চাইছা নৈৰ চেচাঁ পানী আৰু এচলু পানী হাতৰ মুঠিত লৈ মই বিচাৰি ফুৰিছো হেৰাই যোৱা মোৰ এধানি সেউজ হাঁহিটি..)

 ---- তুমি সাঁতুৰিব জানানে ??

 ---- ওঁহো.., নাজানো।

 ---- আচৰিত., নৈৰ ইমান কাষত থাকিও
       তুমি সাঁতুৰিব নাজানা !!

 ---- নৈত জাঁপ মৰাৰ পাছতহে যে মই গম পাওঁ
       মই যে আচলতে সাঁতুৰিবই নাজানো ।
       তথাপি কেনেকৈ জানো পাৰলৈ উঠি আহোঁ !!

 ---- পানীত পৰিলে হেনো সাঁতুৰিব নজনা মানুহেও
       সাঁতুৰিব শিকি যায়!

 ---- জানো..! মই যে কেতিয়াবা নিজৰ ওপৰতে
       বিশ্বাস হেৰুৱাই পেলাওঁ....

 ---- তেন্তে, তুমি কেনেকৈ ডুব নোযোৱাকৈ পাৰলৈ
       উঠি আহা..??

 ---- হয়তো জীৱনৰ বহু কথা
       নিজতকৈ আনৰ ওপৰত বিশ্বাস ৰখাৰ
       ওপৰতহে নিৰ্ভৰ কৰে !!

       (পশ্চিম আকাশত বেলিটো লাহে লাহে ডুব যাব              ধৰিছে আৰু তুমি নৈৰ বুকুলৈ শিল দলিয়াই ইটো শিলৰ পৰা সিটো শিললৈ জঁপিয়াই ফুৰিছা..)

 ---- তুমি আজি ইমান চঞ্চল হৈ পৰিছা..!
       কিয় জানানে ??

 ---- কিয়নো প্ৰকৃতিৰ মাজতহে মানুহৰ ব্যক্তিত্বৰ
       পূৰ্ণ প্ৰকাশ পায় ।

 ---- চোৱা., বেলিটো হেলনীয়া হৈ পৰিছে।

 ---- সেন্দুৰীয়া বেলিটোৱে যেন আমাক কৈছে--
       এতিয়া উভতাৰ সময়

 ---- উভতি যাবলৈচোন মনে যোৱা নাই ।
       এই নদী., এই পাহাৰ.., এই আকাশ..,
       এই চেচাঁ বতাজাক., এই ডুব যাব ধৰা বেলি.,
       এই ঘৰমুৱাঁ পক্ষীজাক......

 ---- হাঃ হাঃ..., আৰু ভালপাবলৈ তোমাৰ মাত্ৰ
      এখনেই হৃদয়...
      লৈ আনা সৱকে আঁচলত বান্ধি

 ---- ওঁ.., ব'লা।এতিয়া উভতি যাওঁ।
       তুমি বাৰু ইমান দুৰে দুৰে কিয় আছা..?

 ---- ক'তা.., মাত্ৰ দুহাত আঁতৰত তুমি আৰু মই
       আৰু মাজত.....

 ---- ...??

 ---- মাজত আছে বিশ্বাস
       জাগ্ৰত প্ৰহৰী আমাৰ ভালপোৱাৰ ।
       আৰু.......

 ---- কি ..??

 ---- আকাশৰ জোন'জনীলৈ চোৱা

 ---- ....??

 ---- চুই চাব নোৱাৰা জোনজনীৰ বাবে
       আমাৰ বুকুত আছে কিমান ভালপোৱা..!!

 ---- ওঁ...। কিন্তু, স্পৰ্শ কৰিব নোৱাৰাৰ
       দুখত যে পৃথিৱীয়েই কান্দে

 ---- হাঃ.. হাঃ.., স্পৰ্শ কৰিব নোৱাৰাৰ দুখ
       কাৰ বুকুত থাকে জানানে ??

 ---- কাৰ.....??

 ---- যাৰ অনুভৱে
      কেতিয়াও কাৰো বুকু চুই যাব নোৱাৰে।

 ---- আৰু তোমাৰ....??

 ---- নাজানো.., মাথো বিচাৰো
      মোৰ অনুভৱে চুই যাওক
      প্ৰতিজন মানুহৰ বুকু
      আৰু এটি ক'নমানি শিশুৰ দৰে
      কাকো অ'কণো দুখ নিদিয়াকৈ
      শুই থাকিব পাৰো মই
      প্ৰতিজন মানুহৰ বুকুত...!!

 ---- তেন্তে, কবিতা এটাকে লিখা

 ---- ওঁ...। অনুভৱবোৰে মোৰ বুকুত খুন্দা মাৰি মাৰি
       বুকুখন শিল কৰি পেলোৱাৰ আগতে
       মই কবিতা এটাকে লিখিম
       "নৈৰ পাৰত তুমি আৰু মই"

 ****************************

কবিতা : সপোন দেখিছো সাজিছো বালিঘৰ

সপোন দেখিছো সাজিছো বালিঘৰ
--লক্ষ্মণ কুমাৰ

 দুচকুৰ পতাত
 পলৰীয়া সপোনবোৰ  আহি
 কিয় ওলমি ৰয় ??

 বুকুত কোনে কেতিয়া আহি
 বালিঘৰ সাজি লয় ??

 চুই চাব খুজিলেই যে
 ভাঙি যায় বালিঘৰ
 দৌৰ মাৰে সপোন......

 তথাপি জীৱন জানো থমকি ৰয়..!!

 জীৱন যুঁজত
 আছে জয়
 আছে পৰাজয়

 অশ্ৰুৰে কোনেও কেতিয়াও
 হ'ব নোৱাৰে বিজয়ী।

 অশ্ৰুৰ বুলেটে
 মাথো চিৰাচিৰ কৰে
 তোমাৰ আৰু মোৰ হৃদয়

 দিঠক নহয়,
 দেখিছো সপোন
 ঘৰ নহয়,
 সাজিছো বালিঘৰ

 দুখ নাই...দুখ নাই
 যদিও সুখ নাই

 সময়ে কয় --
 সাগৰ নেদেখাকৈয়ে যে
 নৈ বয়....।।
 **************

কবিতা : "বাট"

   বাট
   --লক্ষ্মণ কুমাৰ



  মোৰ জীৱনমুখী বাটত এদিন বিচাৰিছিলো
  তোমাৰ গোলাপী হাঁহি

  এই বাট এৰি কোন বাট গুচি গ'লা তুমি.... ??

  বাট সলালেই জানো পোৱা যায়
  সপোনৰ সন্ধান..!!
  প্ৰতিটো বাটতেই
  প্ৰতিটো খোজতেই
  গাই যাঁও আমি
  সুখ দুখৰ গান......

  যি বাটেৰেই যাঁও আজি মই
  সেই বাটতেই জোনাক নামে
  সেই বাটতেই ৰদে মিচিকিয়াই হাঁহে|
   **********************

Wednesday, August 29, 2018

কবিতা : জোনাক ভালপোৱা মানুহবোৰ

"জোনাক ভালপোৱা মানুহবোৰ"
 --লক্ষ্মণ কুমাৰ

               (১)
 জোনাক ভালপোৱা মানুহবোৰ
 এদিন গাঁওবোৰৰ পৰা হেৰাই থাকিল

 মহানগৰীৰ কোনো সুউচ্চ অট্টালিকাৰ
 বেলকনিত থিয় হৈ
 তেওঁলোকে জোনাক চাবলৈ ভালপোৱা হ'ল

 কোনোবাই আকৌ জোনাক বিচাৰি
 অৰণ্যানী বাটেদি
 ইটোৰ পিছত সিটো পাহাৰ বগাই
 গুচি গ'ল
 কোনোবা অজান মুলুকলৈ...

 এনেকৈয়ে জোনাক ভালপোৱা মানুহবোৰ
 এদিন গাঁওবোৰৰ পৰা হেৰাই থাকিল|

 এতিয়া ফুট গধূলিতে গাঁওবোৰ
 আন্ধাৰত ডুব যায়
 আৰু আন্ধাৰত বৰ সহজতে ঘৰবোৰ জ্বলি উঠে

 জ্বলি উঠা ঘৰবোৰ
 জোনটোৰ দৰেই ৰঙা হৈ জিলিকে...!

 গাঁওবোৰত এতিয়া এনেকৈয়ে জোনাক নামে ।

 সেউজ ঘাঁহনিত বহি
 নিৰলে উচুপি উঠে জোন

 নিজান নিজম হৈ পৰি ৰয়
 চোতাল

               (২)
 মই জোনাকৰ প্ৰেমিক....

 আৰু মই জোনাকৰ প্ৰেমিক বাবেই
 মোৰ আয়ে ভয় কৰে
 ভয় কৰে মোৰ গাঁওৰ মানুহবোৰে...

 জোনাকৰ প্ৰেমিক বাবেই মই যদি চিনি নাপাওঁ
 মোৰ ধমনীত বৈ থকা তেজৰ গোন্ধ

 মাটিৰ বুকুৰ পৰা উভালি পেলায়
 মোৰ শিপা
 মই যদি চুব বিচাৰো আকাশ..!

 আ: মই বাৰু কিদৰে পাহৰো
 কেঁচা মাটিৰ পৰশ..!!

               (৩)
 জোনাক ভালপোৱা মানুহবোৰ
 গাঁওবোৰলৈ উভতি আহক

 আন্ধাৰত ডুব নাযাওক
 কোনো গাঁও

 জ্বলি নুঠক
 কোনো ঘৰ

 বুকুৰ পৰা বুকুলৈ বিয়পি পৰক
 চেনেহৰ জোনাক

 জোনাকত উজলি উঠক গাঁওবোৰ|
  ***************************

কবিতা : ক'ত পাবা সেই মনালিছা হাঁহি

ক'ত পাবা সেই মনালিছা হাঁহি
--লক্ষ্মণ কুমাৰ



ক'ত পাবা সেই মনালিছা হাঁহি
জীৱন নৈয়েদি উজাই গলেই দেখিবা
কেঁকুৰিয়ে কেঁকুৰিয়ে কিমান মৰাসুঁতি

কিমান ঢৌৱে কঁপাই তোলে
এখন শান্ত শীতল বুকু!

সময়ৰ আঁচল ধৰি
ঘাটে ঘাটে চকুপানীবোৰ এৰি আহিলেও
মুখত সেই একেই আৰ্টিফিচিয়েল হাঁহি

ক'ত পাবা সেই মনালিছা হাঁহি

দুখৰ দিনলিপি লিখি লিখিও
যি ভাগৰি পৰা নাই
সৰি পৰা নাই হাতৰ মুঠিৰ পৰা
গোলাপৰ পাহি
তেওঁৰ মুখতেই বিচাৰি পাবা সেই মনালিছা হাঁহি
........................................................
["অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত"]

Monday, August 27, 2018

অৰুণাচল ভ্ৰমণ: ৰয়িং,তেজু, হাওলিয়াং, ৱালং, কিবিথোলৈ.......

অৰুণাচল ভ্ৰমণ:
লক্ষ্মণ কুমাৰ

"All nature has a feeling"----
পাহাৰৰ বুকুত কোনে লিখিছে
ইমানবোৰ সেউজীয়া কবিতা! 

কেঁকুৰিয়ে কেঁকুৰিয়ে মূৰ্ত হৈ উঠিছে
শিল্পী প্ৰতিভা...................

অৰুণাচলৰ সেউজীয়াৰে ভৰা ওখ ওখ পাহাৰবোৰ মটৰচাইকেলৰে ভ্ৰমণ কৰাৰ হেঁপাহ এটা আছিল|বৰ বেছি চিন্তা নকৰি ওচৰৰে ভাইটি এজনক লগত লৈ ২৩ জুলাই ৰাতিপুৱা ৰাওনা হ'লো সেউজীয়াৰ দেশলৈ|

প্ৰথম দিনা: ৰয়িং, চেলী লেক....
ধলা- শদিয়া দলং পাৰ হৈ  শান্তিপুৰ গেটত গেট পাছ লৈ আমি অৰুণাচলত প্ৰৱেশ কৰিলো|তাৰ পৰা প্ৰায় 2৩ কি.মি. বাট অতিক্ৰম কৰাৰ পিছত ৰয়িং পালো |ৰয়িং টাউনৰ পৰা 8 কি.মি. পাহাৰৰ ওপৰলৈ উঠি গ'লেই পোৱা যায় অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা "চেলী লেক"|চেলী লেকত কেইঘন্টামান সময় পাৰ কৰাৰ পাছত আমি ৰয়িং টাউনতে থকা নেহেৰু ভান উদ্যান, মিছমি হাউছ ,ৰয়িং জু চালো| ৰয়িংৰ গধূলিটো পাৰ কৰিলো প্ৰাকৃতিক সুষমাৰে ভৰা ৰয়িংৰ নৈখনৰ শীতলতাৰ মাজত....
চেলী লেক, ৰয়িং

ৰয়িং নৈ
মিছমি হাট,ৰয়িং

দ্বিতীয় দিনা:
Roing----Tezu-----Hawa Camp----Salangam---Paya-----Khupa-----Hayuliang...
ৰয়িংৰ পৰা ৰাতিপূৱাই যাত্ৰা আৰম্ভ কৰি তেজু আৰু তেজুৰ পৰা ওপৰলৈ পাহাৰৰ মাজেদি একা-বেকাঁ বাটেৰে আহি ১০.৩০ মান বজাত TB road tinialiপালো |ইয়াৰে এটা বাট পৰশুৰামকুণ্ডৰ ফালে আৰু আনটো বাট ওপৰলৈ Hayuliang ফালে গৈছে | ইয়াত হোটেলত খোৱাৰ ব্যৱস্থা আছে .কিছুসময় ইয়াতে ৰ'লো| বৰষুণজাক এৰাত ১১.৩০বজাত Hayuliang যোৱাৰ সিদ্ধান্ত ল'লো আৰু আগবাঢ়িব ধৰিলো|
এফালে থিয় হৈ আছে ওখ পাহাৰ আৰু 
আনফালে বহু তলত বৈ আছে লোহিত আৰু মাজেদি গৈ আছো আমি....ক'তো নাই মানুহৰ বসতি, ঘৰ, দোকান, বাৰী.......আছে মাথো ডাৱৰে আবৰা পাহাৰ, নদী, জলপ্ৰপাত আৰু অন্তহীন সেউজীয়া|প্ৰায় 2 ঘন্টা মানৰ বাট অতিক্ৰম কৰাৰ পিছত Salangam নামৰ ঠাইখন পালো য'ত দুখনমান ঘৰ আৰু দুকান দেখিলো.. কিছুসময় ৰৈ আকৌ আৰম্ভ কৰিলো যাত্ৰা| Hayuliang পাওঁতে আবেলি ৪.০০ বাজিল...| ইয়াত থাকিবলৈ মাত্ৰ এখনে হোটেল আছে, থকাৰ ব্যৱস্থা হ'ল| Hayuliang আহিয়ে প্ৰথম ভাল লগা কথাটো হ'ল ইয়াত Sbi bank ৰ branchআৰুATM এখনো আছে|দ্বিতীয় ভাল লগা কথাটো হ'ল ওচৰতে Khuphaত Indian Oilৰ Petrol pump এখন আছে|আৰু এটা ভাল লগা কথা হ'ল ইয়াত কোনো অসুবিধা নোহোৱাকৈ নিশ্চিন্তমনে মোৱাইলত ফটো তুলিব আৰু গান শুনি থাকিব পাৰি কাৰণ ইয়াত একো networkএ কাম নকৰে.... 😊
Hayuliang চহৰৰ কাষেৰে সেউজীয়া পাহাৰৰ মাজেদি বৈ অহা দালাই নৈৰ ওপৰৰ থকা দলংখনৰ পৰা দেখিবলৈ পোৱা যায় ঠাইখনৰ মনোৰম দৃশ্য........
TB road tiniali
Hayuliang 

Salangam.. 
view from Dalai river bridge 

তৃতীয় দিনা : Hayuliang--Hawai---Walong...
ৰাতিপূৱা Hayuliang  চহৰৰ পৰা ৱালং(Walong) অভিমূখে যাত্ৰা আৰম্ভ কৰিলো ইয়াৰ পৰা ৱালঙলৈ প্ৰায় ১০২ কি.মি. বাট|বাটে বাটে বিশুদ্ধ চেচাঁ বতাহ আৰু সেউজীয়া পান কৰি একা-বেঁকা এঢলীয়া পথেৰে আগুৱাই গৈ অতিক্ৰম কৰিলো অসংখ্য সেউজীয়া পাহাৰ| অৰুণাচলৰ এই অংশটোত আছে সৰু ডাঙৰ অসংখ্য জলপ্ৰপাত|বহু ঠাইত পাহাৰৰ শীৰ্ষৰ পৰা বাগৰি অহা জলপ্ৰপাতৰ পানীয়ে ৰাস্তাৰ ওপৰেদি পাৰ হৈ গৈছে | আৰু দেখিবলৈ পালো বহুকেইখন ওলমা দলং (hanging road bridge আৰু hanging foot bridge....)l বাটে বাটে ৰৈ ৰৈ নয়নজুৰি চাই ৰ'লো প্ৰকৃতিৰ এই অপৰূপ সৌন্দৰ্য সুষমা| অৱশেষত দেখা পালো সুবিশাল নদীখনৰ কাষত পাইন গছেৰে ভৰি থকা ধুনীয়া ৱালং ভেলী|ৱালং পাওঁতে আমাৰ ১১.৩০ বাজিল|সৰু চহৰখনত থকা ধুনীয়া আই.বি.(I.B.)টো বিচাৰি উলিয়াবলৈ আমাৰ বেছি সময় নালাগিল....|
I.B. ,Walong

Hanging Bridge over lohit river

Walong যোৱা বাটত

কিবিথো (Kibithu)-----
ৱালঙৰ ধুনীয়া আই.বি.ত কিছু সময় জিৰণি লৈ প্ৰায় ১.৩০ মান বজাত ভাৰত আৰু চীন সীমান্ত 'Kibithu' লৈ ওলালো| ৱালঙত থকা সেনাবাহিনীৰ কেম্পৰ কাষেদি গেট পাৰ হৈ লোহিতৰ পাৰে পাৰে আমি আগবাঢ়িলো|দুয়োপাৰৰ পাহাৰত ওখ ওখ পাইন গছোবোৰে অপৰূপ সৌন্দৰ্য বিস্তাৰ কৰিছে|প্ৰকৃতিৰ এই শান্ত সমাহিত ৰূপৰ বিপৰীতে ইয়াৰ প্ৰতিটো গছেই, ইয়াৰ বায়ু,পানী ,পাহাৰবোৰে যেন কৈ গৈছে ১৯৬২চনৰ যুদ্ধৰ  ভয়ানক কাহিনী|বাটে বাটে সিঁচৰতি হৈ আছে ১৯৬২ চনৰ চীনা আক্ৰমণত প্ৰাণ আহুতি দিয়া ভাৰতীয় সেনা বাহিনীৰ জেৱানৰ স্মৃতি.....|শ্ৰদ্ধা জনালোঁ দেশৰ হকে প্ৰাণ আহুতি দিয়া সৈনিকসকলৰ প্ৰতি||
ভাৰত-চীন সীমান্ত 'কিবিথো'ত উপস্হিত হ'লো|ইয়াৰ পৰাই লোহিতখন(ব্রহ্মপুত্র) চীনৰ সীমা এৰি ভাৰতত প্ৰৱেশ কৰিছে|চকুৰ সন্মূখতে চীনৰ ভূখণ্ড..,চীনা ঘৰবোৰ জিলিকি আছে|ভাৰত আৰু চীন..,মাজত আছে চকুৰে নেদেখা LAC(The Line of Actual Control)প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা|
দেশৰ পূব প্ৰান্তৰ অন্তিমখন গাওঁ কহোলৈ

কিবিথো...
কিবিথো যোৱা পথত

Namti war memorial
                             Kibithu
চতুৰ্থ দিনা :                                                     ৰাতিপুৱাই ৱালঙত থকা Walong War Memorial চালো|                                                                   
"LEST WE FORGET"
১৯৬২ চনৰ যুদ্ধত চীনা বাহিনীৰ হাতত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ সোঁৱৰণত সজোৱা হৈছে এই স্মৃতি স্তম্ভ.....ইয়াত ইংৰাজী ভাষাত কেপিটেল লেটাৰত খোদিত আছে :
This Hut of Remembrance has been built in the everlasting memory of our fellow countrymen who greatly outnumbered on the snowy mountain tops and rugged defiles of Walong without the shelter of even a tent and suffering from extremes of cold, hunger and thirst and laid down their lives in Oct-Nov1962 in a most gallent conflict for our tomorrow and halted the Chinese war machine here at Walong. 
                                  ........  The Lohit Brigade
                                          (Nov. 2009)

                   Walong war memorial
           
view from W. war memorial

হেলমেট টপ (Helmet Top)---
ৱালংৰ পৰা প্ৰায় ১৮ কি.মি. ওপৰলৈ উঠি গৈ পাহাৰৰ শিখৰত হেলমেট টপ পালো|হেলমেট টপলৈ যোৱা বাটতে দেখা পালো এখন ধুনীয়া জলপ্ৰপাত|হেলমেট টপত ১৯৬২ যুদ্ধত প্ৰাণ আহুতি দিয়া সৈনিকসকলৰ স্মৃতিত এখন memorabilia আছে |তাত থকা ভাৰতীয় সেনাবাহিনীৰ জোৱানসকলৰ লগত কিছু সময় পাৰ কৰি আমি উভতি আহিলো ৱালং থকা আই.বি.টোলৈ |আৰু আকৌ আৰম্ভ কৰিলো আমাৰ উভতনিৰ যাত্ৰা প্ৰকৃতিৰ সুকোমল সেউজীয়া বুকুৰ মাজেৰে..........
Memorabilia, helmet top

Helmet Topলৈ যোৱা বাটত
view from helmet top

কি সুখ.....কি দুখ
কি আনন্দ.....কি যন্ত্ৰণা! 

মাটি আৰু মানুহৰ বুকুৰ পৰা 
কেতিয়াও শেষ নহয় সেউজীয়া

যি বাটেৰেই যাওঁ আজি
সেই বাটতেই জোনাক নামে
           সেই বাটতেই ৰ'দে মিচিকিয়াই হাঁহে
****************

  " বন্ধু আৰু বন্ধুত্ব"                           - লক্ষ্মণ কুমাৰ চিৰ সেউজ যি সম্পৰ্ক   তাৰেই নাম বন্ধুত্ব ।   যাৰ সান্নিধ্যই বোৱা...