"বন্ধু আৰু বন্ধুত্ব"
- লক্ষ্মণ কুমাৰ
চিৰ সেউজ যি সম্পৰ্ক
তাৰেই নাম বন্ধুত্ব ।
যাৰ সান্নিধ্যই বোৱাই দিব পাৰে মনলৈ
প্ৰশান্তিৰ নৈ
তাৰ নামেই 'বন্ধু' ।
বন্ধু..,
হৃদয় চুই যাব পৰা
এক মধুৰ সম্বন্ধ
এক মিঠা সম্বোধন ।
বন্ধুত্ব..,
এক সুকোমল অনুভূতি
এক আত্মিক সম্পৰ্ক
হৃদয়ৰ সৈতে হৃদয়ৰ
যাৰ আছে যোগসূত্ৰ ।
সুহৃদয় বন্ধুসকল..,
সময়ৰ সোঁতত হেৰাই গ'লেও
যি কেতিয়াও নহয় পুৰণি
সজীৱ স্মৃতি হৈ
দুখৰ ৰাতিতো যি
ওঁঠত বিৰিঙাই দিয়ে হাঁহি....
বন্ধু.,
যি থাকে হৃদয়ত
আৰু হৃদয়ত যাৰ স্থান
দুৰত্বই জানো তাত আনিব পাৰে
ব্যৱধান !!
****************
No comments:
Post a Comment