Tuesday, September 11, 2018

কবিতা: পুতলাবোৰ

 পুতলাবোৰ
                -লক্ষ্মণ কুমাৰ


  
পুতলাবোৰ সিহঁতৰ অতিকে প্ৰিয়
পুতলাবোৰৰ সৈতে সিহঁতে খেলি ভালপায়
পুতলাবোৰক জোৰ কৰি বুকুত সাবটি ল'ব পাৰি
পুতলাবোৰৰ কাপোৰ খুলি নাঙঠ কৰিব পাৰি 
আৰু নিজৰ পছন্দৰ নতুন কাপোৰ পিন্ধাই
পুতলাবোৰক সজাই থ'ব পাৰি
পুতলাবোৰক টানি চোঁচৰাই
এচকুত থাকিবলৈ বাধ্য কৰাব পাৰি

পুতলাবোৰ জলন্ত আঙঠাৰ বিচনাত শুইয়ো
এবাৰো চিৎকাৰ কৰি নুঠে
অথবা প্ৰচণ্ড বৰষুণত তিতিও অসুখত নপৰে
পুতলাবোৰৰ দুচকুৱেদি কেতিয়াও চকুপানী বাগৰি নাহে
পুতলাবোৰে নীৰৱে সহি থাকে সকলো যাতনা

পুতলাবোৰৰ বুকুতো থাকে স্বাধীনতাৰ মিঠা অনুভূতি
পুতলাবোৰে কিন্তু কোনোদিনে কোনো প্ৰতিবাদ নকৰে

এনে পুতলাবোৰকে সিহঁতে বিচাৰি ফুৰে
পুতলাবোৰ হৃদয়হীন লোকৰ অতিকে প্ৰিয়।

ময়ো যদি কেতিয়াৱা হেৰুৱাই পেলাওঁ মোৰ হৃদয়
অ' মোৰ প্ৰিয়তমা, তুমি কেতিয়াও পুতলা নহ'বা
তুমি কেতিয়াও পুতলা নহ'বা।

 **********************************
[নতুন কবিতা'ত(সদৌ অসম কবি সম্মিলনৰ মুখপত্র)  প্রকাশিত ]

Sunday, September 9, 2018

কবিতা: তোমাৰ হাতৰ আঙুলি

তোমাৰ হাতৰ আঙুলি
                      ---লক্ষ্মণ কুমাৰ


ফুলৰ সমান কোমল আছিল
তোমাৰ হাতৰ আঙুলি

এদিন কাঁইটে বিন্ধিছিল
তোমাৰ আঙুলিত

বৈ আহিছিল তেজৰ সোঁত
মোৰ কলিজাইয়েদি ....

সিদিনাই প্ৰথমবাৰৰ বাবে
মই ফুলৰ প্ৰেমত পৰিছিলো|

তুমি আজি
কাঁইটৰ পৰা বহু দুৰত
ফুলনি সাজিছা

আৰু

মই মোৰ ফুলনিতে
কাঁইট জীয়াইছো|

কেৱল কাঁইটেহে চিনি পায়
তোমাৰ হাতৰ আঙুলি

কেৱল কাঁইটেহে জানে
কিয় পিন্ধোৱা নাই মই
তোমাৰ অনামিকাত আঙুঠি..!
*********************

Saturday, September 8, 2018

কবিতা : মচি পেলাওঁ চকুপানীবোৰ

 মচি পেলাওঁ চকুপানীবোৰ               
                                     --লক্ষ্মণ কুমাৰ


||এক||
শীতত গছৰ পাত সৰাদি
যেতিয়া চকুলো সৰে
গাভৰুজাকৰ খিল.খিল. হাঁহিয়েও
বুকুত ৰং সানিব নোৱাৰে…

||দুই||
বিষত মলম
বেমাৰত ঔষধ
বাচি থাকিবলৈ নতুন নতুন কৌশল

মৰণৰ ফান্দ পাতি
সময়ে যেতিয়া কিৰিলিয়াই
জীৱনটোনো কিমান দূৰ যাব পাৰে আগুৱায়..!

||তিনি||
ৰঙীন পুৱা এটাক প্ৰসৱ দি
জয়াল ৰাতিটো গুচি যায়

দিনটো শুভ হয়েইবা বুলি
জীৱনটো আকৌ সাৰ পায়..

||চাৰি||
সৌ- সিদিনা জীৱন গঢ়িবলৈকে
ত্যাগ কৰিছিলো সুখ

এতিয়া জীৱনটো ভাঙি নাযাওক বুলি
ঢাকি ৰাখিছো দুখ….

||পাঁচ||
কোনে দেখে কাৰ বুকুৰ দুখ
ক্ষনিকৰ উত্তেজনাত যেন
জিলিকি উঠিছে সৱৰেই কুৎচিত মুখ

নাই., নুগুচে এই ভোক l
|| ছয়||
সৰ্বত্ৰে এতিয়া একেই দুখৰ বিননি
একেই আৰ্তনাদ আৰু উচুপনি

চাওঁ., মচি পেলাওঁ চকুপানীবোৰ
||সাত||
আন্ধাৰ বাঢ়ি আহিছে
এগচি চাকিকে জ্বলাওঁ

শোকত কেতিয়াও বান্ধ নাখাওঁ
সাহসী হবলৈ আমিয়েইতো শিকাওঁ
আমিয়েইতো শিকাওঁ…..
**********************

কবিতা : "অনুভৱত : ল'ৰালি আৰু সপোন"

ল'ৰালিত বাৰু সপোনৰ কোনো সীমা নাথাকে নেকি..?/ বৰ সহজ আছিল ল’ৰালিৰ/ সেই সপোনবোৰ…
শৈশৱৰ মধুৰ স্মৃতিৰ মাজত হেৰাই গৈ উজাগৰ কৰিছো ল’ৰালিৰ দিনবোৰ…...
     
                 
অনুভৱত : "ল'ৰালি আৰু সপোন"
                                                                                                     --লক্ষ্মণ কুমাৰ

‎”অনুভৱত : ল’ৰালি  


--লক্ষ্মণ কু

                                           

অ’ সূৰ্য ঘূৰাই দিয়া মোক
ল’ৰালিৰ সেই দিন
মৰমৰ বুলনিত য’ত আৰম্ভ হয়
প্ৰতিটো দিন….
কি যে আছিল সেই দিন.!
ওঁঠত বিৰিঙিছিল
অবুজ হাঁহি
কেতিয়াবা দুষ্টালিৰে ভৰা হাঁহি।
লুভীয়া দুচকুৱে মাথোঁ বিচাৰিছিল
কাৰ বাৰীত বগৰী পকিছে
কাৰ বাৰীত আছে মধুৰিআম, লিচু…
কাৰ বাৰীত হাউলি পৰিছে মালভোগ কল
গিৰিহঁতে নিদিলে চুৰ কৰিয়ে খাম…
চুৰ কৰি খোৱাৰ আনন্দ যে আছিল অধিক…
“তালৈ নাযাবি, এই কাম দুনাই নকৰিবি, নুচুবি কৈছো নহয় নুচুবি…”
একেবোৰ কথাৰে সদায় পুনৰাবৃত্তি
চৰ আৰু এছাৰিৰ কোব খাইও যে
এৰিব পৰা নাছিলোঁ দুষ্টালি…
ফ্ৰকত পনীয়লবোৰ খামুচি লৈ
দৌৰ মাৰিছিল কেতেকি
কেতেকিজনী আজি দুটা লৰাৰ মাক হ’ল
ফ্ৰক আৰু পনীয়লৰ সম্পৰ্কটো
কেতিয়াবাই নোহোৱা হ’ল
সমনীয়াৰ সৈতে টাং-গুটি খেলাৰ
কি যে ফূৰ্তি..!
এক, দুই, তিনি, চাৰি…
তই আকৌ হাৰিলি ঐ হৰি
‘চকুত লাগিব বোপাই নেখেলিবি’ বুলি
গালি পাৰি খেদি অহা কানুকাই,
এতিয়া আৰু এই পৃথিৱীত নাই…
(অ’ কানুকাই, তই ঠিকেই কৈছিলি.. এতিয়া আৰু টাং-গুটি কোনেও নেখেলা হ’ল অ’! তইও যে নাই খেদি আহিবলৈ..)
আৰু জেপত এমুঠিমান মাৰ্বল লৈ ফুৰা টংকং।
তাৰ আঙুলীৰ কি যাদু !
তাৰ আঙুলীত নাচিছিল মাৰ্বল
দুচকুত আছিল সৈনিক হোৱাৰ সপোন.. ( শত্ৰুৰ কপালত গুলী মৰাৰ
তাৰ যে কিমান হেঁপাহ আছিল …!)
আজি সি চাহপাতৰ ব্যৱসায়ী
জেপত বহু টকা
কিন্তু নাই মাৰ্বল
দুচকুতো নাই চাগৈ সৈনিক হোৱাৰ সপোন
( আজি তাক টংকং বুলি ক’লে যেন মাৰিহে পেলাব অথচ সৰুতে সেই নামতেই কিমান যে মৰম সোমাই আছিল…)
ল’ৰালিত বাৰু সপোনৰ কোনো সীমা নাথাকে নেকি..?
বৰ সহজ আছিল ল’ৰালিৰ
সেই সপোনবোৰ
যিদৰে সহজ সেই সপোনৰ আঁত ধৰি
‘এইম ইন লাইফ’ৰ ৰচনা লিখাটো..
এদিন দত্ত ছাৰে সুধিছিল
‘ক’চোন ল’ৰা, তই ডাঙৰ হৈ কি হ’বি .?’
‘পাইলট হ’ম ছাৰ’
আকাশত উৰাৰ সেই সপোনটো
সপোন হৈয়ে থাকি গ’ল
(…নাই.. নাই.. সপোনৰ মৃত্যু কেতিয়াও হ’ব নোৱাৰে।
সপোন সপোন হৈয়ে থাকি যায় পোহপাল দিব নোৱাৰাৰ দোষত)
সপোনৰ মৃত্যু নহয় বাবেই কিজানি
উৰাজাহাজৰ মাত শুনিলেই
আজিও মই বাহিৰলৈ দৌৰি ওলাই আহোঁ
আকাশলৈ চাওঁ
চাই ৰওঁ সপোনটোক
আৰু সুখী হওঁ মোৰ সেই সপোনটোৱে যে
পূৰ্ণতা পালে তাৰ প্ৰকৃত গৰাকীৰ হাতত ..
( কেতিয়াবা এনেদৰেই ভাঙি যোৱা সপোনবোৰৰ কথা ভাবো, অলপ হাঁহো। কাৰণ সেই সপোনবোৰৰ প্ৰকৃত গৰাকী মই যে কেতিয়াও নাছিলো । নহ’লে সপোন জানো ভাঙি যাব পাৰে.!)
ল’ৰালিৰ বাটেদি
বহু দূৰ আগুৱাই আহিলোঁ
এতিয়াও বিচাৰো দুওঁঠৰ দুকোণত
দুষ্টালিৰে ভৰা ল’ৰালিৰ সেই হাঁহিটি
অ’ শইকীয়া ছাৰ,
দিয়া অ’ চেকনীৰে কোব দিয়া মোক
দুহাত আগবঢ়াই দিছো চোৱা
কাণত ধৰি কওঁ–
অংকত আৰু নকৰো ভুল
জীৱনৰ এই নিমিলা অংকত
আজি কিমান যে হয় মোৰ ভুল…!!
‘জোনবাই এ..’ আছে যদি দিয়া না
সেই বেজীটি,
সী দিওঁ
জীৱনৰ জটিলতাত ফাটিব ধৰা
মোৰ বুকুখন..,
(– নাই জোনবাইয়ে সেই বেজীটি কেতিয়াও নিদিয়ে । জোনবাইয়ে জানে, বুটা বছা আমাৰ হৃদয়খন সীবলৈ কোনো বেজীৰ প্ৰয়োজন নাই, আছে মাথোঁ হাঁহি হাঁহি জীৱনটোক সম্ভাষণ জনাব পৰা অশ্বাৰোহী, অক্লান্ত এটি মনৰ)

কবিতা : বাঁহী


বাঁহী

--লক্ষ্মণ কুমাৰ





তোমাৰ বাবেই এদিন
ওঁঠত তুলি লৈছিলো
প্ৰেমৰ সুৰীয়া বাঁহী
সুৰৰ মুৰ্ছনাত
এজাক বৰষুণ নামি আহিব খুজিছিল
বৰ্ষাৰ বাবে
উন্মাদ হৈ পৰিছিল
পৃথিৱী
নাচি উঠিছিল আনন্দত
ফুলনিৰ
প্ৰতিপাহ ফুল
বৰষুণ নাহিল….
বাঁহীৰ সুৰে
কঁপাব পৰা নাছিল
আকাশ
ৰুধিব পৰা নাছিল
সময়ৰ
নিষ্ঠুৰ আহ্বানক
আৰু আকাশখনে মেঘৰ সাজ
পিন্ধি লোৱাৰ সময়তে
তুমি গুচি গ’লা
সুউচ্চ পাহাৰ বগাই
কোনোবা দুৰণিলৈ…
নিস্প্ৰভ হৈ পৰিল
আকাশৰ
উজ্জ্বল তৰাটি
আস: কন্দুৱাই মাৰিলা মোক..!!
তেতিয়াৰে পৰা আকাশখনে
সলোৱা নাই
মেঘৰ সাজ
উজলি উঠা নাই
তৰা
এতিয়া এই নিসংগ আবেলিবোৰত
সোঁৱৰণীৰ বাটেদি মোৰ বুকুলৈ
উজাই আহে
বাঁহীৰ এটি মিঠা সুৰ….
জীৱন থকা মানেই
বাজি থাকিব
এই বাঁহী…!!
***********

Thursday, September 6, 2018

কবিতা : বিষয় তাই

"বিষয়: তাই "
--লক্ষ্মণ কুমাৰ

আকাশ কঁপাই হঠাতে
খহি পৰিল
উজ্জ্বল তৰাটি...!!

কি দোষ আছিল তাইৰ...????

তাইৰ দুচকুত বহাগ আছিল
তাইৰ বুকুত গান আছিল
তাইৰ হাঁহিত জোনাক সৰিছিল

সেয়ে সহ্য নহ'ল ঈশ্বৰৰ ।।

অন্ধ ঈশ্বৰক ভেঙুচালি কৰি
যন্ত্ৰণাৰ ডেউকাৰে
তাই উৰি গুচি গ'ল
এই আকাশ
এই পৃথিৱী এৰি....
************

Wednesday, September 5, 2018

কবিতা : দুটি চুটি কবিতা

 দুটি চুটি কবিতা
 --লক্ষ্মণ কুমাৰ



   অপ্ৰাপ্তি

 ক'ৰপৰানো আহে
 এটি প্ৰেমিক চৰাই....!!
 মতলীয়া হৈ নাচি ফুৰে
 মোৰ সোঁৱে- বাঁওৱে...
 তাকে চাবলৈ,
 আকাশত দৌৰ মাৰি আহে
 এচপৰা মেঘ
 আৰু বৰ্ষাৰ বাবে
 উন্মাদ হৈ পৰে পৃথিৱী
 বৰষুণ নাহে.,
 ডেউকা কপাঁই
 উৰি উৰি গুছি যায় চৰাই
 আকাশৰ পৰা নোহোৱা হৈ পৰে মেঘ..
  *****************

  ভালপোৱা

 তুমি কাঁইটীয়া বাটেদি
 খোজ ললে
 মোৰ বাটত জানো গোলাপ
  ফুলি থাকিব!!

 তোমাৰ বাটৰ কাঁইট
 আঁতৰাই থাকোতেই
 মোৰ বাটৰ গোলাপ
  মৰহি যাব!!
  *************

কবিতা : নৈৰ পাৰত তুমি আৰু মই

  " নৈৰ পাৰত তুমি আৰু মই"
   --লক্ষ্মণ কুমাৰ




      (নৈৰ পাৰৰ চেচাঁ বতাহজাকে উৰুৱাইছে তোমাৰ            আঁচল.... )

 ---- বতাহজাক ইমান চেচাঁ..!!

 ---- নৈৰ বুকুখন যে চেচাঁ ।

 ---- আৰু তোমাৰ..??

 ---- হাঃ.. হাঃ.. মোৰ বুকু
       বিষাদৰ জুইত উতলা মোৰ বুকুখনো
       জানো কেনেকৈ হৈ পৰে চেচাঁ.!!

 ---- চোৱা.., নৈৰ বালিত
       জিলিকিছে আমাৰ খোজবোৰ

 ---- ওঁ.., নৈৰ পানীয়ে চুই যাব আমাৰ খোজবোৰ
       আৰু নিছিন্ন হৈ যাব এই খোজবোৰ....

 ---- কিয় বাৰু এনে হয় !!
       বৰ্তমান কিয় বাৰু হেৰায় যায় !!

 ---- বৰ্তমান জানো হেৰায়!!
       স্মৃতি হৈ ই বুকুতে থাকি যায় ।

 ---- সৌ পাহাৰখন দেখিছা.?
       নৈৰ পাৰে পাৰে গৈ গৈ যেন
       হেৰাই যাম সেউজীয়াৰ বুকুত !

 ---- এই যেন হেৰাই যাম
       বুকুত এখন পাহাৰ লৈ
       দুয়ো দুয়োতে বিলীন হৈ!

 ---- বৰ সুন্দৰ কবিতা ।

 ---- হাঃ.. হাঃ., তুমি জানো বুজা হৃদয়ৰ ভাষা!
       তুমি জানো বুজি পোৱা
       তোমাৰ প্ৰিয় কবিৰ কবিতাৰ
       প্ৰিয় পংক্তিৰ আঁৰত লুকাই থকা
       দুখ বেদনা অথবা ভালপোৱাৰ কথা..!!

 ---- নাজানো.., বুজা- নুবুজাৰ মাজতেই চোন
       থাকি যায় বহু কথা।

 ---- বুকুৰ কথাবোৰ সেইখন বুকুৱেহে জানে
       য'ত অনুভৱবোৰ ফুল হৈ ফুলে
       আৰু বেদনাবোৰ শব্দ হৈ সৰে....

 ---- আৰু তুমি...! তুমি মুখ মেলিলেই কবিতা সৰে ।
       অ' মোৰ প্ৰিয় কবি, ক'ত পোৱা ইমান শব্দ.?

 ---- হাঃ.. হাঃ..,কি কৰিবা শব্দবোৰক লৈ
       যদি বুকুত নাথাকে একোৱেই অনুভুতি..!!
 
       নৈখনলৈ চোৱা...

 ---- ....??

 ---- মৌন অথচ বুকুত ইমান কবিতা

      (বতাহৰ সোঁতত আহি মাজে মাজে নৈৰ পানীয়ে শিলবোৰক স্পৰ্শ কৰিছে আৰু শিলবোৰ যেন চঞ্চল হৈ পৰিছে...)

 ---- সৌফালে চোৱা..।
       নৈৰ পানীয়ে শিলৰ বুকুত খুন্দা মাৰি গুচি গৈছে।

 ---- এইয়াইতো জীৱন..,
       আপোন মানুহবোৰ, ভাললগা মানুহবোৰ...
       এনেকৈয়ে আহি বুকুত খুন্দা মাৰি
       আমাক দি থৈ যায় এটা মিঠা অনুভুতি
   
        আৰু কেতিয়াবা......

 ---- ...??

 ---- নাই.. নাই., একো নাই..
      একো দুখ নাই..
      এইয়াই হয়তো নিয়ম !!

 ---- কি ..??

 ---- এইয়াই..,
       শিলৰ বুকু খহাই
       নৈৰ পানী সাগৰলৈ ধিয়াই।

      (নৈখনৰ বুকুত নামি তুমি চুই চাইছা নৈৰ চেচাঁ পানী আৰু এচলু পানী হাতৰ মুঠিত লৈ মই বিচাৰি ফুৰিছো হেৰাই যোৱা মোৰ এধানি সেউজ হাঁহিটি..)

 ---- তুমি সাঁতুৰিব জানানে ??

 ---- ওঁহো.., নাজানো।

 ---- আচৰিত., নৈৰ ইমান কাষত থাকিও
       তুমি সাঁতুৰিব নাজানা !!

 ---- নৈত জাঁপ মৰাৰ পাছতহে যে মই গম পাওঁ
       মই যে আচলতে সাঁতুৰিবই নাজানো ।
       তথাপি কেনেকৈ জানো পাৰলৈ উঠি আহোঁ !!

 ---- পানীত পৰিলে হেনো সাঁতুৰিব নজনা মানুহেও
       সাঁতুৰিব শিকি যায়!

 ---- জানো..! মই যে কেতিয়াবা নিজৰ ওপৰতে
       বিশ্বাস হেৰুৱাই পেলাওঁ....

 ---- তেন্তে, তুমি কেনেকৈ ডুব নোযোৱাকৈ পাৰলৈ
       উঠি আহা..??

 ---- হয়তো জীৱনৰ বহু কথা
       নিজতকৈ আনৰ ওপৰত বিশ্বাস ৰখাৰ
       ওপৰতহে নিৰ্ভৰ কৰে !!

       (পশ্চিম আকাশত বেলিটো লাহে লাহে ডুব যাব              ধৰিছে আৰু তুমি নৈৰ বুকুলৈ শিল দলিয়াই ইটো শিলৰ পৰা সিটো শিললৈ জঁপিয়াই ফুৰিছা..)

 ---- তুমি আজি ইমান চঞ্চল হৈ পৰিছা..!
       কিয় জানানে ??

 ---- কিয়নো প্ৰকৃতিৰ মাজতহে মানুহৰ ব্যক্তিত্বৰ
       পূৰ্ণ প্ৰকাশ পায় ।

 ---- চোৱা., বেলিটো হেলনীয়া হৈ পৰিছে।

 ---- সেন্দুৰীয়া বেলিটোৱে যেন আমাক কৈছে--
       এতিয়া উভতাৰ সময়

 ---- উভতি যাবলৈচোন মনে যোৱা নাই ।
       এই নদী., এই পাহাৰ.., এই আকাশ..,
       এই চেচাঁ বতাজাক., এই ডুব যাব ধৰা বেলি.,
       এই ঘৰমুৱাঁ পক্ষীজাক......

 ---- হাঃ হাঃ..., আৰু ভালপাবলৈ তোমাৰ মাত্ৰ
      এখনেই হৃদয়...
      লৈ আনা সৱকে আঁচলত বান্ধি

 ---- ওঁ.., ব'লা।এতিয়া উভতি যাওঁ।
       তুমি বাৰু ইমান দুৰে দুৰে কিয় আছা..?

 ---- ক'তা.., মাত্ৰ দুহাত আঁতৰত তুমি আৰু মই
       আৰু মাজত.....

 ---- ...??

 ---- মাজত আছে বিশ্বাস
       জাগ্ৰত প্ৰহৰী আমাৰ ভালপোৱাৰ ।
       আৰু.......

 ---- কি ..??

 ---- আকাশৰ জোন'জনীলৈ চোৱা

 ---- ....??

 ---- চুই চাব নোৱাৰা জোনজনীৰ বাবে
       আমাৰ বুকুত আছে কিমান ভালপোৱা..!!

 ---- ওঁ...। কিন্তু, স্পৰ্শ কৰিব নোৱাৰাৰ
       দুখত যে পৃথিৱীয়েই কান্দে

 ---- হাঃ.. হাঃ.., স্পৰ্শ কৰিব নোৱাৰাৰ দুখ
       কাৰ বুকুত থাকে জানানে ??

 ---- কাৰ.....??

 ---- যাৰ অনুভৱে
      কেতিয়াও কাৰো বুকু চুই যাব নোৱাৰে।

 ---- আৰু তোমাৰ....??

 ---- নাজানো.., মাথো বিচাৰো
      মোৰ অনুভৱে চুই যাওক
      প্ৰতিজন মানুহৰ বুকু
      আৰু এটি ক'নমানি শিশুৰ দৰে
      কাকো অ'কণো দুখ নিদিয়াকৈ
      শুই থাকিব পাৰো মই
      প্ৰতিজন মানুহৰ বুকুত...!!

 ---- তেন্তে, কবিতা এটাকে লিখা

 ---- ওঁ...। অনুভৱবোৰে মোৰ বুকুত খুন্দা মাৰি মাৰি
       বুকুখন শিল কৰি পেলোৱাৰ আগতে
       মই কবিতা এটাকে লিখিম
       "নৈৰ পাৰত তুমি আৰু মই"

 ****************************

কবিতা : সপোন দেখিছো সাজিছো বালিঘৰ

সপোন দেখিছো সাজিছো বালিঘৰ
--লক্ষ্মণ কুমাৰ

 দুচকুৰ পতাত
 পলৰীয়া সপোনবোৰ  আহি
 কিয় ওলমি ৰয় ??

 বুকুত কোনে কেতিয়া আহি
 বালিঘৰ সাজি লয় ??

 চুই চাব খুজিলেই যে
 ভাঙি যায় বালিঘৰ
 দৌৰ মাৰে সপোন......

 তথাপি জীৱন জানো থমকি ৰয়..!!

 জীৱন যুঁজত
 আছে জয়
 আছে পৰাজয়

 অশ্ৰুৰে কোনেও কেতিয়াও
 হ'ব নোৱাৰে বিজয়ী।

 অশ্ৰুৰ বুলেটে
 মাথো চিৰাচিৰ কৰে
 তোমাৰ আৰু মোৰ হৃদয়

 দিঠক নহয়,
 দেখিছো সপোন
 ঘৰ নহয়,
 সাজিছো বালিঘৰ

 দুখ নাই...দুখ নাই
 যদিও সুখ নাই

 সময়ে কয় --
 সাগৰ নেদেখাকৈয়ে যে
 নৈ বয়....।।
 **************

কবিতা : "বাট"

   বাট
   --লক্ষ্মণ কুমাৰ



  মোৰ জীৱনমুখী বাটত এদিন বিচাৰিছিলো
  তোমাৰ গোলাপী হাঁহি

  এই বাট এৰি কোন বাট গুচি গ'লা তুমি.... ??

  বাট সলালেই জানো পোৱা যায়
  সপোনৰ সন্ধান..!!
  প্ৰতিটো বাটতেই
  প্ৰতিটো খোজতেই
  গাই যাঁও আমি
  সুখ দুখৰ গান......

  যি বাটেৰেই যাঁও আজি মই
  সেই বাটতেই জোনাক নামে
  সেই বাটতেই ৰদে মিচিকিয়াই হাঁহে|
   **********************

  " বন্ধু আৰু বন্ধুত্ব"                           - লক্ষ্মণ কুমাৰ চিৰ সেউজ যি সম্পৰ্ক   তাৰেই নাম বন্ধুত্ব ।   যাৰ সান্নিধ্যই বোৱা...