Saturday, May 9, 2020

এটি চুটি কবিতা

  এটি চুটি কবিতা

 


  নৈৰ বলুকাত এৰি থৈ  আহিলো মই
  মোৰ এলাগী খোজ..

  এতিয়া শুনিছো, নৈ খন গৰ্ভৱতী হ'ল
  আৰু
  নিসংগতাৰ উপকূলৰ বাসিন্দা হ'লো মই

  তই জানো  বিচাৰি পাবি মোক...!

  নিছিন্ন হ'ব মোৰ খোজ
  আৰু মই হ'ম নিখোজ...
     --------------------
" আপোনাৰ আৰু মোৰ মাজত এক অদেখা সম্পৰ্ক......"



 আপোনাৰ আৰূ মোৰ মাজত
 এক অদেখা সম্পৰ্ক
 শব্দই যাৰ যোগসুত্ৰ....

 শব্দবোৰ কিমান মধূৰ হ'লে
 অনুভৱবোৰে হৃদয়ৰ কাষ চাপে 
 মই নাজানো...!!

 মই মাথো শব্দৰে সাজিব খোজো
 আপোনাৰ বুকুত
 এটা ঘৰ..,
 য'ত মোৰ স্পৰ্শহীন, অঘৰী.. অনুভৱবোৰে
 ক্ষন্তেকৰ বাবে হ'লেও
 শান্তিৰে জিৰনি ল'ব পাৰে....

 জানে, হৃদয়ে যেতিয়া কান্দে
 শব্দবোৰে মোৰ আঁঙুলিত নাচে

 চকুপানীবোৰক
 অনুভৱৰ কলমত ঢালি লৈ
 যেতিয়া মই লিখি যাওঁ
 মোৰ অসংলগ্ন ভাবৰ স্বৰলিপি
 আপুনি হয়তো তাত
 বিচাৰি নাপাব পাৰে
 শ্ৰুতিমধূৰ শব্দসজ্জা...

 তাৰবাবে মোক দুখ নিদিব'
 অনুভৱবোৰে যে
 মোৰ কল্পনা শক্তিক
 অ'কনো কষ্ট নিদিয়াকৈয়ে
 যি পায় তাকেই পিন্ধি বাট লৈ
 আপোনাৰ মনৰ পদূলিলৈ.....

 কি বাস্তব... কি অবাস্তব...
 কি সত্য, কি অসত্য...
 মই নাজানো
 মই জানো মাথো
 মোৰো বুকুত আছে
 আপোনাক ক'ব পৰাকৈ
 কিছুমান অপ্ৰকাশিত তথ্য

 অলিখিত কথাবোৰ...
 নোকোৱা কথাবোৰ..,
 বুকুত যেতিয়া ভিৰ কৰে
 তেতিয়া যন্ত্ৰনাত ছটফটাই উঠো মই
 কিন্তু,  কিয়েইবা কৰিব পাৰো মই
 কোনেইবা বুজিব মোৰ এই যন্ত্ৰনা
 বুকুৰ ভিতৰৰ বিধস্ত ৰূপ যে
 দুচকুত জিলিকি নুঠে...!! 

 মই জানো,
 আপুনি নিশ্চয় বুজিব মোৰ অনুভৱক
 আপোনাৰ সৈতে যে
 আছে মোৰ এক অদেখা সম্পৰ্ক
 শব্দই যাৰ যোগসুত্ৰ ।।

Friday, May 8, 2020

মোক কইনা এজনী লাগে



  বোৱাৰী পুৱাতে আইয়ে
  চোতাল সৰা পৰতে
  মনলৈ আহে
  মই দৰা হ'ম 
  আৰু
  মোক কইনা এজনী লাগে

 বুকুত শিল বান্ধি আৰু
 কিমান গাম
 অপূৰ্ণতাৰ গান
 মোক কইনা এজনী লাগে
 যুগলবন্দী গীতেৰে
 দুয়ো গাম
 সুমধুৰ প্ৰেমৰ গান

 বিষাদৰ জুইত
 জ্বলি জ্বলি
 হৃদয়খন আজি উঠিছে উজ্বলি
 এতিয়াও বাৰু কিয়
 নিজান মোৰ বুকুৰ পদুলি....!!

 মোক কইনা এজনী লাগে
 যাৰ দুহাতত
 আলফুলে তুলি দিম মই
 মোৰ বুকুৰ  মৰমবোৰ

 কিমান দূৰ্গম হব পাৰে জীৱনৰ বাট...!
 যদি বুকুত থাকে
 তেওঁৰ মৰমৰ হাত

 মোক কইনা এজনী লাগে
 যাৰ সেওঁতাত ৰং সানি
 হেপাঁহৰ ঘৰ সাজিম
 আৰু
 প্ৰেমৰ পুখুৰীত সপোনৰ মাছ মেলি
 সপোনবোৰ জীয়াই তুলিম
 মোক কইনা এজনী লাগে
 যি হ'ব মোৰ প্ৰেয়সী
 যি হ'ব মোৰ বন্ধু
 যি হ'ব মোৰ অভিভাবক
 যিয়ে মোক খং কৰিব
 যিয়ে অভিমান কৰিব
 অভিমানী হৈয়ো
 যি মোৰ সুখ দুখৰ সমভাগী হৈ ৰ'ব

 মোক কইনা এজনী লাগে
 যি মোৰ প্ৰেৰনা হ'ব
 আৰু মোৰ প্ৰতিটো নতুন সৃষ্টিৰ
 যি হ'ব উন্মোচক

 কাউৰী পুৱাতে আইয়ে
 আকাশলৈ চাই
 অপূৰ্ণতাৰ সাগৰত ডুব যোৱাৰ সময়ত
 মনলৈ আহে--
 মই দৰা হ'ম
 আৰু মোক কইনা এজনী লাগে..

  " বন্ধু আৰু বন্ধুত্ব"                           - লক্ষ্মণ কুমাৰ চিৰ সেউজ যি সম্পৰ্ক   তাৰেই নাম বন্ধুত্ব ।   যাৰ সান্নিধ্যই বোৱা...